![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,নগাঁও : বিগত নিশা ৰহা টোল গেটত( Raha Toll Gate) যাত্ৰীক আক্ৰমণ চলোৱা ৩ অভিযুক্তক আজি গ্ৰেপ্তাৰ (Arrest) কৰে আৰক্ষীয়ে। হোজাইৰ নীলবাগানৰ এটি পৰিয়ালে গুৱাহাটীত এখন গাড়ী ক্ৰয় কৰি ঘৰ অভিমুখে গৈ থকা সময়ত ৰহা টোলগেটত পৰিয়ালটোৰ ওপৰত টোলগেটৰ কৰ্মচাৰী তথা তিনি অভিযুক্ত ক্ৰমে জয়ন্ত গগৈ, বিপুল বৰদলৈ আৰু শংকৰ কুমাৰে বৰ্বৰ আক্ৰমণ কৰে (Passenger assaulted by toll plaza employee)।
পৰিয়ালটোত ফাৰুক আহমেদ, মোস্তাফা আহমেদ আৰু ৰায়হান উদ্দিনৰ সৈতে তিনিটা শিশু আছিল। শিশু তিনিটিয়ে ভয়ত চিঞৰিছিল যদিও আক্ৰমণকাৰীৰ হৃদয় গলাব পৰা নাছিল। পৰৱৰ্তী সময়ত, আক্ৰমণকাৰীৰ বৰ্বৰতা ইমান বৃদ্ধি পাইছিল যে উক্ত তিনি সদস্যই শিশু তিনিটাক এৰি পলায়ন কৰিব লগা হৈছিল। কিন্তু পিছত উদ্ধাৰৰ বাবে ঘূৰি অহাত অভিযুক্তই পুনৰ তেওঁলোকক মাৰধৰ কৰে।
উল্লেখ্য যে, নতুন গাড়ীৰ নম্বৰ পঞ্জীয়ন নোহোৱাৰ বাবে ফাৰ্ষ্টটেগ লগাব নোৱাৰা হেতু টোল গেটত নগদ ধন ২২০ টকা আদায় দি ৰচিদ বিচৰাটোৱে কাল হ’ল পৰিয়ালটোৰ বাবে ৷নিশা প্ৰায় ১১.৫০ বজাত সংঘটিত এই ঘটনাৰ পিছত ডি জি পি, জি পি সিঙে নগাঁও আৰক্ষীক ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে ৷
আৰক্ষী অধীক্ষক লীনা দলেয়ে সমগ্ৰ ঘটনা তদন্ত কৰিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাক দায়িত্ব অৰ্পন কৰে ৷বিষয়া কলিতাই টোল গেটৰ চি চি কেমেৰাৰ ফুটেজকে ধৰি যাৱতীয় আন প্ৰমাণ সংগ্ৰহ কৰি আক্ৰমনৰ ঘটনাৰে জড়িত ৩ অভিয়ুক্তক আটক কৰে।














