ASSAM TIMES POST
নগাঁও: যাব্বজীৱন কাৰাদণ্ডৰে দণ্ডিত এজন কয়দীয়ে আত্মহত্যাৰ নাটক ৰচি সন্ধানহীনহৈ থকাৰ পিছত আজি আৰক্ষীয়ে ৰহাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।লোকজনৰ নাম জ্যোতি প্ৰসাদ বৰা।জানিব পৰামতে এটা হত্যাৰ গোচৰত অভিযুক্তহৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ জেলত থকা কয়দীজনে যোৱা জুলাই মাহত আত্মহত্যাৰ নাটক ৰচি সন্ধানহীন হৈ পৰিছিল। কাৰাবাস খাটি থকা যুৱকজনে যোৱা ১৯ জুনত ২০ দিনৰ ছুটীত ঘৰলৈ আহিছিল ।ইয়াৰ পিছতে তেওঁ আত্মহত্যাৰ নাটক ৰচনা কৰে।যোৱা ৬ জুলাইৰ পুৱা কামপুৰৰ কপিলী দলঙত বৰাৰ এএচ০২এ৮৪৪৯১ নম্বৰৰ স্কুটাৰখন উদ্ধাৰ হয়।লগতে উদ্ধাৰ হয় এটা চুইচাইড টোকা, এটা মদৰ বটল, চেণ্ডেল আৰু এটা চাৰ্ট । চুইচাইড টোকাটোৰ পৰা যুৱকজন কামপুৰৰ বুঢ়াপতিয়া গাঁৱৰ জ্যোতি প্ৰসাদ বৰা বুলি চিনাক্ত হয় ।স্থানীয়লোক আৰু আৰক্ষীয়ে তেওঁ কপিলীত জঁপিয়াই আত্মহত্যা কৰা বুলি সন্দেহ কৰি কপিলীত কেইবাদিন ধৰি অভিযান চলাইছিল যদিও মৃতদেহ উদ্ধাৰ নহ’ল।সংবাদ মাধ্যমতো যুৱকজন কপিলীৰ পানীত পৰি নিখোঁজ হোৱা বুলি সেই সময়ত বাতৰি প্ৰকাশ পাইছিল।তেতিয়াৰ পৰা যুৱকজন সন্ধানহীনহৈ আছিল।যুৱকজনৰ মৃত্যু ৰহস্যৰ আৱৰ্তত সোমাই পৰে।যুৱকজনে আত্মহত্যা কৰা বুলিয়েই স্থানীয়লোকে সন্দেহ কৰি থাকে যদিও আৰক্ষীয়ে সন্দেহবশতঃ কৰি অভিযান চলাই আছিল।কালি নিশা কামপুৰ থানাৰ আৰক্ষীয়ে ৰহা আৰক্ষী থানাৰ অন্তৰ্গত মহগড়ৰ পৰা বিগত ৬ মাহ ধৰি সন্ধানহীনহৈ থকা জ্যোতি প্ৰসাদ বৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।













