ASSAM TIMES POST
ডিফুঃ অচিৰেই পাহাৰীয়া জিলা কাৰবি আংলঙত শুভাৰম্ভ হ’ব কৰ্কট ৰোগ সেৱাৰ প্ৰতিষ্ঠান ৷ ডিফুৰ এএনএম প্ৰশিক্ষণ কেন্দ্ৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীলৈ কৰ্কট ৰোগী সকলৰ মাজত লবলগীয়া যতন সন্দৰ্ভত এক বিশেষ কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ উল্লেখ যোগ্য যে, অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত ডিফুত এক কৰ্কট ৰোগ প্ৰতিষ্ঠান স্থাপন কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে ৷
ইয়াৰ অংশ স্বৰূপে কমিউনিটি হেলথ অফিচাৰ আশা কৰ্মী আৰু এএনএম সকলৰ মাজত ৰোগবিধৰ সম্পৰ্কত সজাগতা সৃষ্টি বা তথা কৰ্কট ৰোগী সকলৰ মাজত লবলগীয়া বিভিন্ন যতন সম্পৰ্কীয় এক কৰ্মশালাৰ শুভাৰম্ভ কৰা হয় ৷ আজি পুৱাৰ ভাগত কৰ্মশালাৰ শুভাৰম্ভ কৰে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য খনছিং ৰংপিয়ে ৷ কৰ্মশালা খনৰ শুভাৰম্ভ কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে কৰ্মশালাত অংশ গ্ৰহণকাৰী সকলক পৰৱৰ্তী পৰ্যায়ত সমাজৰ সকলো পৰ্যায়ত কৰ্কট ৰোগত আক্ৰান্ত সকলৰ প্ৰতি সেৱা আগবঢ়াব পৰাকৈ সাজু হবলৈ আহ্বান জনায় ৷
অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত স্থাপন হবলগীয়া কৰ্কট ৰোগ প্ৰতিষ্ঠানটোৰ প্ৰতি সকলো প্ৰকাৰৰ সহায়- সহযোগিতা আগবঢ়াবলৈ পৰিষদীয় চৰকাৰ সাজু বুলি মন্তব্য কৰে ৷ আনহাতে কৰ্মশালাৰ নেতৃত্ব প্ৰদান কৰা ডা: সংঘ মিত্ৰাই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কৰ্কট প্ৰতিষ্ঠানটোৰ সবিশেশ বাখ্যা কৰে ৷
বহিঃৰ্হিভাগত কৰ্কটৰোগত আক্ৰান্ত লোক সকলৰ চিকিৎসা ব্যৱস্থা কৰা হব যদিও চিকিৎসালয়লৈ আহিবলৈ সক্ষম নোহোৱা অতি গুৰুতৰ ভাবে অসুস্থ ৰোগী সকলক ঘৰতে চিকিৎসা সেৱা প্ৰদানৰো ব্যৱস্থা কৰা হব বুলি বিষয়া গৰাকীয়ে উল্লেখ কৰে ৷ সমাজৰ সকলো শ্ৰেণীৰ লোতে কৰ্কট ৰোগৰ উপযুক্ত চিকিৎসা সেৱা লাভ কৰাৰ লক্ষ্যৰে এই প্ৰক্ৰিয়াত আশা কৰ্মী, এএনএম আদি সকলক যুক্ত কৰা হৈছে বুলিও বিষয়া গৰাকীয়ে উল্লেখ কৰে ৷
এই সেৱাৰ বাবে এই সকল কৰ্মীক বিশেষভাবে প্ৰশিক্ষণ আগবঢ়োৱা হব বুলি বিষয়া গৰাকীয়ে ব্যক্ত কৰে ৷ কৰ্ম শালাৰ উদ্বোধনী অনুষ্ঠানত আজি পৰিষদৰ প্ৰধান সচিব সঞ্জীৱ কুমাৰ দাস, মেডিকেল ব’ৰ্ডৰ অধ্যক্ষ বিদ্যাছিং টেৰণ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কাৰেং ৰংপিপী আদি উপস্থিত থাকে ৷ ডিফুত এখন চিকিৎসা মহাবিদ্যালয়ৰ লগতে এখন কৰ্কট প্ৰতিষ্ঠান স্থাপন হোৱা কাৰ্যই পাহাৰীয়া ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী প্ৰভাব পেলাব ৷












