ASSAM TIMES POST
বোকাখাতঃ বোকাখাতৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন গ্ৰাছৰ উদ্যোগত আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ সহযোগত “হেমন্তৰ এটি কবিতাৰ আবেলি” শীৰ্ষক কাব্যানুষ্ঠান। বোকাখাতৰ ইন্দিৰা গান্ধী স্মাৰক শিশু উদ্যানত আবেলিৰ পৰা সন্ধিয়া সামৰি এক নান্দনিক পৰিবেশত বোকাখাতৰ নৱ প্ৰজন্মৰ প্ৰায় ২৫ গৰাকী কবিক লৈ কবিতা পাঠ আৰু তেওঁলোকৰ কবিতাৰ এক পৰ্যালোচনা আগবঢ়োৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে গ্ৰাছৰ তৰফৰ পৰা ক্ৰমে অনুষ্ঠানৰ উদ্বোধক বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, বন্তি প্ৰজ্বলক, পৰ্যালোচক, সঞ্চালকক একোটিকৈ গ্ৰাছৰ স্মাৰক আৰু গড়ৰ কাঠৰ ভাস্কয্যৰে সম্বৰ্দ্ধনা জনোৱা হয়।

বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদক মনালিছা শইকীয়াই আঁত ধৰা অনুষ্ঠানত বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ শুভাৰম্ভ কৰি উদ্বোধনী ভাষণ প্ৰদান কৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে। ৰিজু বৰা হাজৰিকাৰ পৰিচালনাত আইমাতৃ কল্যাণ সমিতি, বিষ্ণুপুৰ প্ৰাথমিকৰ ৰূপা বৰাৰ দলৰ দিহানামেৰে আৰম্ভ হয় কবিতা পাঠ অনুষ্ঠানৰ। কাব্যানুষ্ঠানটিৰ প্ৰাকমুহূৰ্তত বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ অমৰ শৰ্মাক নাটকৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৰিহণা আৰু অসমৰ এমেচাৰ নাট্যজগতত নিজৰ নাটকেৰে সাম্প্ৰতিক সময়ত আলোড়নৰ সৃষ্টি কৰি বোকাখাতক এক বিশেষ পৰিচয় প্ৰদানৰ বাবে গ্ৰাছৰ তৰফৰ পৰা এটি স্মাৰক আৰু এখনি সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়।

লগতে একেটি সম্বৰ্দ্ধনা কাৰ্যসূচীতে বোকাখাত মহকুমা কবি সন্মিলনৰ তৰফৰ পৰাও কবি-নাট্যকাৰ গৰাকীলৈ সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানৰ সঞ্চালনা কৰে অমৰ শৰ্মাই আৰু পৰ্যালোচনা কৰে কবি তথা জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই। অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে যুৱ কবি ক্ৰমে ৰিমঝিম শইকীয়া, ক্ষীৰোদ শইকীয়া, চিলমিল সপোন, ঈপ্সিতা দত্ত, প্ৰিয়াশ্ৰী নেওগ, সুকন্যা হাজৰিকা, এনিশা উপাধ্যায়, শ্বাশ্বতী বৰা, দৃষ্টিৰূপা বৰদলৈ, শ্বাশ্বতী প্ৰিয়দৰ্শিনী, লোকপ্ৰিয়া বৰা, প্ৰিয়াংশু প্ৰাঞ্জল, তৰুণ তীৰ্থ শইকীয়া, গৌৰৱ হাজৰিকা, প্ৰবাল প্ৰিয়ংকৰ, লিম্পী পাঠক, মঞ্জুমালা চাৰ’, অভিজিৎ চাৰ’, হিমাঞ্চল দত্ত, মনোজ কৰ্ম্মকাৰ, দেৱজিৎ বিলু, পাৰবিজুল হক, পংকজ কালিন্দীয়ে স্ব-ৰচিত কবিতা পাঠ কৰে। পৰ্যালোচক বুবুল দত্তই এই যুৱ কবিসকলৰ প্ৰতিগৰাকী কবিৰ কবিতাৰ এক বিস্তৃত আৰু বিতং পৰ্যালোচনা ডাঙি ধৰে। লগতে সঞ্চালক অমৰ শৰ্মাই যুৱ কবিসকলক উৎসাহিত কৰি সঞ্চালকৰ মন্তব্য প্ৰদান কৰে। অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্যৰ লগতে অন্নদা শইকীয়া, পদুমী গাজলু, মিনতি দলে, হেমেন হাজৰিকা, ৰিজু বৰা হাজৰিকা, অমৰ শৰ্মা, মৃদুস্মিতা শৰ্মা, চন্দ্ৰপ্ৰভা শইকীয়া ডেকাকে আদি কৰি উপস্থিত কবি সকলে স্ব-ৰচিত কবিতা পাঠ কৰি সকলোকে আহ্লাদিত কৰে।
হেমন্তৰ সন্ধিয়াৰ এই বিশেষ কাব্যানুষ্ঠানত গ্ৰাছ, বোকাখাতৰ সভাপতি, সম্পাদক ক্ৰমে অংকুৰ বৰঠাকুৰ আৰু ইন্দ্ৰেশ্বৰ বৰা, বিষয়ববীয়াসকল ক্ৰমে সঞ্জীৱ হাজৰিকা, অমল দাৱ, মনোজ বৰা, প্ৰণৱ শিকদাৰ, ফণিধৰ হাজৰিকাক বোকাখাত মহকুমা কবি সন্মিলনৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানটিত আৰু উপস্থিত আছিল অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, সাংস্কৃতিক কৰ্মীদ্বয় বিজয় শৰ্মা আৰু অনুপ তামূলীৰ লগতে ৰুবুল বৰদলৈ, নবীন দত্ত, প্ৰফুল্ল পূজাৰী, বিকুল শইকীয়া, মুকুল বৰুৱা, বিকাশ হাজৰিকা, মানসজ্যোতি দত্ত, মুহিৰাম লইং, নমিষা হাজৰিকা, শান্তি দত্ত বৰদলৈ, নিজৰা বৰঠাকুৰ, ৰূপজ্যোতি শইকীয়া গগৈ, বন্তি হাজৰিকা, মঞ্জু বৰুৱা, দীপজ্যোতি ডেকা, অৱনিতা ডেকা, ৰূপা বৰা, পল্লৱী বাইলুং, জ্যোৎস্না গগৈ ভূঞা, বন্দনা বৰা, মঞ্জু বৰা, ৰেখা বৰা, তৰুলতা বৰা, ৰূপা হাজৰিকা, চাক্ষিৰাম মাহাত্ব, শৰৎ হাজৰিকা, উৎপল কুমাৰ শৰ্মা, মনোজ কৰ্মকাৰ, পলিমা চেতিয়া বসুমতাৰী, সূবৰ্ণ শইকীয়া বৰদলৈ, অজন্তা তালুকদাৰ, কুঞ্জলতা দাস, মনো বৰা, ৰীনা কটকী, দিপ্তী দত্ত, স্নেহা প্ৰিয়দৰ্শিনী, মিনাৰ্ভ ৰুবুল দলে, দীপজ্যোতি শৰ্মা আদি। শেষত শলাগৰ শৰাই আগবঢ়ায় বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদক মনালিছা শইকীয়াই।













