ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত মঙ্গলাবাৰে সন্ধিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত জোঁৰ সমদলেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে নগৰখনৰ ৰাজপথ কঁপাই তোলে৷

এই কাৰ্যসূচীত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি সভাপতি লিটুল বুঢ়াগোহাঁই, সহকাৰী সম্পাদক দেৱজিত গগৈ, শশাংক দিহিঙীয়াৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়া, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক নিপন গগৈ, চুতীয়া ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি পাপু শইকীয়া আদি বহুসংখ্যক ছাত্ৰকৰ্মীয়ে অংশগ্ৰহণ কৰে৷













