ASSAM TIMES POST
নতুন দিল্লীঃ গৃহ পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে বুধবাৰে ৰাজ্য সভাত কয় যে অসমৰ ৬ টা ডিটেনচন কেম্পত ১ হাজাৰ বিদেশী বন্দী হৈ আছে। ইয়াৰে ২৮ জন লোকৰ যোৱা ২০১৬ চনৰপৰা ২০১৯ চনৰ ভিতৰত মৃত্যু হৈছে। এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয় যে অসম চৰকাৰে ৯৮৮ জন বিদেশীক ছটা ডিটেনচন কেম্পত ৰাখিছে। তেওঁ কয়, ‘চলিত বৰ্ষৰ ২২ নৱেম্বৰৰ তথ্য অনুসৰি, অসমৰ ৬টা ডিটেনচন কেম্পত ৯৮৮ জন বিদেশী আছে। ২০১৬ চনৰপৰা ২০১৯ চনৰ ১৩ অক্টোবৰৰ ভিতৰত ইয়াৰে ২৮ জন লোকৰ কেম্প আৰু হাস্পতালত মৃত্যু হৈছে।’ এইসমূহ বন্দী লোকক যাৱতীয় সুবিধা প্ৰদান কৰিবলৈ ২০০৯-১০ বিত্তীয় বৰ্ষৰপৰা ২০১৭-১৮ বিত্তীয় বৰ্ষলৈ অসম চৰকাৰৰ ফালৰপৰা ৪.৭৪ কোটি টকা ব্যয় কৰা হৈছে বুলি তেওঁ জনায়।













