ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ পৰ্যটন খণ্ডৰ বিকাশ আৰু প্ৰসাৰৰ বাবে গ্ৰহণ কৰা “Soulful Sivasagar” অভিযানৰ নৱতম পদক্ষেপ “পক্ষী নিৰীক্ষণ” কাৰ্যসূচীৰ আয়োজন

ASSAM TIMES POST by ASSAM TIMES POST
November 27, 2019
Reading Time: 1 min read
A A
0
শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ পৰ্যটন খণ্ডৰ বিকাশ আৰু প্ৰসাৰৰ বাবে গ্ৰহণ কৰা “Soulful Sivasagar” অভিযানৰ নৱতম পদক্ষেপ “পক্ষী নিৰীক্ষণ” কাৰ্যসূচীৰ আয়োজন

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

শিৱসাগৰ : শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ পৰ্যটন খণ্ডৰ বিকাশ আৰু প্ৰসাৰৰ বাবে গ্ৰহণ কৰা “Soulful Sivasagar” অভিযানৰ নৱতম পদক্ষেপ “পক্ষী নিৰীক্ষণ” কাৰ্যসূচী আজি  তাৰিখে জিলাখনৰ ঐতিহাসিক পহুগড়ত আয়োজন কৰা হয়।
জিলা প্ৰশাসনৰ উদ্যোগত আৰু জৈৱ বৈচিত্ৰ্য আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত জড়িত স্বেচ্ছাসেৱী অনুষ্ঠান “আৰণ্যক”ৰ সক্ৰিয় সহযোগত ঐতিহাসিক পহুগড়ত পুৱা ৬:৩০ বজাৰ পৰা আয়োজিত পক্ষী নিৰীক্ষণ কাৰ্যসূচীত ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু টুৰিষ্ট গাইড সকলে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই।

WhatsApp Image 2019 11 27 at 9.25.46 PM1 | ASSAM TIMES POST

ছাত্ৰ-ছাত্ৰী সকলক পদ্ধতিগত ভাৱে পক্ষী চিনাক্ত কৰা আৰু নিৰীক্ষণ কৰাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে শিৱসাগৰলৈ দেশ-বিদেশৰ পৰা অহা পৰ্যটকসকলক কেনেদৰে পক্ষী নিৰীক্ষণ কৰোৱা হ’ব সেই সন্দৰ্ভত বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত টুৰিষ্ট গাইডসকলক আভাস দিয়া হয় এই কাৰ্যসূচীত। শিৱসাগৰৰ বিভিন্ন পৰ্যটন তথা ঐতিহাসিক ক্ষেত্ৰসমূহক বিশ্বৰ আগত দাঙি ধৰাৰ উদ্দেশ্যে পুৱা পহুগড়ত থকা জলাশয়ত বসতি স্থাপন কৰা বহুকেইটা প্ৰজাতিৰ পক্ষী নিৰীক্ষণ কৰা হয় আৰু পক্ষীসমূহৰ প্ৰকাৰ,আচৰণ তথা সংৰক্ষণৰ ওপৰত আৰণ্যকৰ বিষয়-ববীয়া সকলে বক্তব্য আগবঢ়ায়।

WhatsApp Image 2019 11 27 at 9.25.45 PM | ASSAM TIMES POST

এই কাৰ্যসূচীত আৰণ্যকৰ প্ৰগ্ৰাম সচিব বিভূতি প্ৰসাদ লহকৰ, আৰণ্যকৰ হস্তী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ প্রৱন্ধক অৰিফ হুছেইন আৰু Jungle Travels India -ৰ পক্ষী আৰু বন্যপ্ৰাণী পৰিদৰ্শন বিভাগৰ প্রৱন্ধক আবিদূৰ ৰহমানে সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্রদান কৰে।
অসম তথা দেশৰ পৰ্যটন মানচিত্ৰত শিৱসাগৰক এক সুকীয়া স্থান দিয়াৰ উদ্দেশ্যে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই হাতত লোৱা এই বিশেষ পদক্ষেপে আজি বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।
এই অনুষ্ঠানত শিৱসাগৰ জিলাত বিশেষ চৰকাৰী কামত আহি উপস্থিত হোৱা ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন প্ৰাধিকৰণ (National Monuments Authority) -ৰ অধ্যক্ষ তৰুণ বিজয় আৰু ৰাজ্যিক পুৰাতত্ব বিভাগৰ সঞ্চালিকা দীপিৰেখা কৌলিও অংশগ্ৰহণ কৰে।
ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন প্ৰাধিকৰণৰ অধ্যক্ষ গৰাকীয়ে জিলা প্ৰশাসনৰ উদ্যোগৰ আন্তৰিকতাৰে শলাগ লৈ কয় যে এনেধৰণৰ প্ৰয়াস অব্যাহত ৰাখিলে পহুগড়ে নিশ্চিত ভাৱে এছিয়াৰ ভিতৰত প্ৰথম “জৈৱ বৈচিত্ৰ্য কীৰ্তিচিহ্ন”ৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ’ব।
উল্লেখযোগ্য যে, পহুগড়ৰ সংৰক্ষণৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত এই অঞ্চলত পূৰ্বতে চলি থকা বনভোজ, মাছ ধৰা, চিকাৰ কৰা, আৱৰ্জনা পেলোৱা আৰু লাউড স্পীকাৰ বজোৱা ইত্যাদি কাৰ্য্য নিষিদ্ধ কৰিছে। পূৰ্বতে এইসমূহ কাৰ্যকলাপৰ বাবে পৰিভ্ৰমী আৰু স্থানীয় পক্ষীবোৰৰ বাবে অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে এই সমূহ পক্ষীৰ বাহ সজা, জিৰণি লোৱা, খাদ্য সংগ্ৰহ ইত্যাদিতো বাধাৰ সৃষ্টি হৈছিল। পিছে জিলা প্ৰশাসনৰ তৎপৰতাত বৰ্তমানে এইসমূহ কাৰ্যকলাপ বন্ধ হৈছে।
উল্লেখ্য যে, আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰাকৃতিক চিৰিয়াখানা ৰূপে গঢ় দিয়া জিলাখনৰ পহুগড় অঞ্চললৈ শীতকালত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে।
জিলা প্ৰশাসনে সময়ে সময়ে পক্ষী নিৰীক্ষণ কাৰ্যসূচী অব্যাহত ৰখাৰ লগতে অতি সোনকালে জিলাখনৰ জলাশয়, আদ্ৰভূমি আৰু ঐতিহাসিক কীৰ্তিচিহ্ন সমূহৰ দাঁতিকাষৰীয়া অঞ্চলত শীতকালৰ পক্ষী সমূহৰ জৰীপ কৰাৰ বাবে এক কাৰ্যসূচী গ্ৰহণ কৰিব।

Tags: Featured2
Share4Tweet3Send

Related Posts

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
ADVERTISEMENT
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
50
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026
50
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ
National-International

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

May 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx