ASSAM TIMES POST
অজন্তা তালুকদাৰ, বােকাখাতঃ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটাকৈ বঁটা লাভেৰে বোকাখাত গৌৰৱ কঢ়িয়াই আনিছে শিক্ষক কনক দলেই। দিগ দর্শন প্রকাশন তথা দিগ দর্শন আলােচনী আৰু যােৰহাটৰ এনাজৰী সাহিত্য সংস্কৃতি গােষ্ঠীৰ সৌজন্যত যােৱা ২৪ নবেম্বৰত কণক দলেক প্রদান কৰা হৈছে “দিগ দর্শন সাহিত্য সম্মান”।
ইফালে ঐতিহ্যমণ্ডিত কাজিৰঙাৰ শ্ৰীশ্ৰী কাকগোঁসানী থানৰ চমু ইতিহাস লিখি প্রকাশ কৰা দলে থান খনৰ বৰ্তমান সম্পাদকৰ দায়িত্বটো আছে। দলেৰ ভালে সংখ্যক লেখনি কাকত আলোচনীত প্রকাশ পাইছে।
মহকুমা শিক্ষক সম্মিলনীৰ বিশেষ দায়িত্বত থকা দলেই অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ সদস্য ৰূপেও কার্যনিবাহ কৰিছিল। এনে অৱদানৰ বাবে দলে লৈ আগবঢ়োৱা হৈছে “বাবা সাহেব ডঃ আম্বেদকাৰ নেচনেল ফেল’শ্বিপ এৱাৰ্ড ২০১৯ ”। এই বঁটা গ্রহণ কৰিবলৈ অহা ৮ আৰু ৯ ডিচেম্বৰত দলেক দিল্লীলৈ আমন্ত্রণ জনোৱা হৈছে।













