![]()
শনিবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা(Accident)। এই দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ ৰায়গড়ত (Maharastra Raigarh) । আৰক্ষীৰ সূত্ৰ অনুসৰি, শনিবাৰে পুৱা এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই পুনে আৰু ৰায়গড়ৰ সীমান্তৰ সমীপত খাৱৈত বাগৰি পৰে। জানিব পৰা মতে, বাছখনত কমেও ৪১জন যাত্ৰী আছিল। ইয়াৰে ১৩ জনৰ মৃত্যু হয়।

আহত হয় কমেও ২৫জন লোক। মহাৰাষ্ট্ৰৰ পুনেৰ (Pune) পৰা গোৰেগাঁৱলৈ (Gurgaon) গৈ আছিল বাছখন। পুৱা প্ৰায় ৪ ৩০ বজাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পুনে-ৰায়গড় সীমান্তৰ সমীপৰ খোপালী অঞ্চলত খাৱৈত ডুব যায়। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হʼল, বাছ চালকজন টোপনি গʼল নেকি সেই বিষয়ে জানিবলৈ চেষ্টা অব্যাহত আছে। ইফালে আহত ২৫ জন লোকৰ ভিতৰত একাংশৰ অৱস্থা সংকটজনক।
স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাৰ পিছতে উদ্ধাৰৰ কাম আৰম্ভ হয়। যিটো এতিয়াও চলি আছে। উল্লেখযোগ্য যে দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় ৰাইজে প্ৰথমে উদ্ধাৰ কাম আৰম্ভ কৰে। পিছত আৰক্ষীক অৱগত কৰা হয়।










