ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ ভাৰতীয় ডাক বিভাগৰ অধীনস্থ India Post Payments Bank (IPPB) আৰু ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য বিকাশ বেংক (NABARD) ৰ সহযোগত দ্বিতীয় খন “আৰ্থিক সাক্ষৰতা শিবিৰ” অনুষ্ঠানটি বৃহস্পতিবাৰে “চিনাতলী নাট্য মন্দিৰ”ত অনুষ্ঠিত হৈ যায়।

IPPB বেংকৰ প্ৰসাৰতা বৃদ্ধি আৰু ভৱিষ্যতে চৰকাৰী সা-সুবিধা সমূহৰ ওপৰত সচেতনতা অনাৰ প্ৰয়াসেৰে অনুষ্ঠিত সভাখনত মাইক্ৰ ফাইনেন্স লোন সংক্ৰান্তীয় বিষয়েও আলোচনা কৰা হয়৷ বৰ্তমান সময়ত যি হাৰত ব্যক্তিগত মাইক্ৰ ফাইনেন্স বেংক সমূহে জনসাধাৰণৰ পৰা অধিক সুতৰ হাৰত লোণ দি আহিছে তাৰ তুলনাত কম সুতৰ হাৰত ভাৰতীয় ইণ্ডিয়া পোষ্ট পেমেন্ট বেংকৰ জৰিয়তে এই লোণ পাব পাৰিব।
উক্ত সভাখনিত উপস্থিত থাকে গোলাঘাট জিলাৰ NABARD বেংকৰ শাখা প্ৰৱন্ধক- সূশান্ত চক্ৰৱৰ্তী, গোলাঘাট IPPB শাখাৰ মেনেজাৰ- কোনাল কুমাৰ সিনহা্, সন্দেচ্ লিম্বো, গোলাঘাট প্ৰধান ডাকঘৰৰ পৰিদৰ্শক ধীৰেণ গগৈ আৰু স্থানীয় অন্যান্য অতিথি সকলৰ লগতে ডাক কৰ্মচাৰী সকল উপস্থিত থাকে৷ উক্ত অনুষ্ঠানটি সফলভাৱে অনুষ্ঠিত কৰাত সকলো চিনাতলীবাসী ৰাইজে সহযোগিতাত আগবঢ়ায়৷













