![]()
৪০০ৰো অধিক এলজিবিটিক অভিভাৱকে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়লৈ (D Y Chandrachud) পত্ৰ লিখি সমলিংগ বিবাহক (Same-sex marriage) স্বীকৃতি দিবলৈ অনুৰোধ জনাইছে। তেওঁলোকে লিখিছে যে তেওঁলোকৰ সন্তানে বিশেষ বিবাহ আইনৰ অধীনত বৈধ বিবাহ লাভ কৰাটো তেওঁলোকে চাব বিচাৰে। উচ্চতম ন্যায়ালয়ত সমলিংগ বিবাহ সন্দৰ্ভত চতুৰ্থ দিনৰ শুনানিত এই গোটৰ অধিবক্তাই বিভিন্ন যুক্তি দাঙি ধৰি এনে বিবাহক স্বীকৃতি দিবলৈ অনুৰোধ জনায়।

সমলিংগ বিবাহক বৈধতা প্ৰদানৰ বাবে তেওঁলোকৰ সন্তানে আদালতত যুঁজ দিয়াৰ লগে লগে অভিভাৱকসকলো একত্ৰিত হৈছে। লগতে গোটৰ হৈ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ লিখা হৈছে। ভাৰতত বিবাহ সমতাৰ বাবে অভিভাৱকসকলে মুখ্য ন্যায়াধীশলৈ পত্ৰযোগে কাতৰ অনুৰোধ জনাইছে। তেওঁলোকে লিখিছে, শিশুৰ জীৱন আৰু যৌনতাৰ চিন্তা অনুভৱ কৰি তেওঁলোকে মানি লৈছিল। এতিয়া এই বিবাহৰ আইনী বৈধতা বিচাৰিছে। চিঠিখনত লিখা আছে- “এনে বিবাহৰ বিৰোধিতা কৰাসকলৰ প্ৰতি আমি সহানুভূতিশীল। কাৰণ এসময়ত আমাৰ বহুতেই সেই পক্ষত আছিলোঁ। কিন্তু শিক্ষা, আলোচনা আৰু ধৈৰ্যৰ জৰিয়তে আমি বুজি পাওঁ যে আমাৰ লʼৰা-ছোৱালীৰ চিন্তা-ভাবনা শুদ্ধ। আজি সমলিংগ বিবাহৰ বিৰোধিতা কৰাসকলেও এদিন আমাৰ লগত যোগ দিব।”
সমলিংগ বিবাহৰ অধিবক্তাই আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত সংবিধান বিচাৰপীঠৰ সন্মুখত নিজৰ যুক্তি দাখিল কৰে। অধিবক্তা গীতা লুথ্ৰাই কয় যে জি-২০ গোটৰ ১২খন দেশে ইতিমধ্যে সমলিংগ বিবাহক স্বীকৃতি দিছে। ফলত ভাৰত পিছ পৰি ৰোৱা উচিত নহয়।
সমলিংগ বিবাহক মোডী চৰকাৰে ‘অভিজাত শ্ৰেণীৰ মতাদৰ্শ’ হিচাপে উপস্থাপন কৰিছে।শুনানিৰ সময়ত ন্যায়াধীশ ৰবীন্দ্ৰ ভাটে অধিবক্তা মীনাক্ষী গুৰুস্বামীক সোধে, ভাৰতত বহু বৈচিত্ৰ্য আছে। এই গোটৰ সকলোকে প্ৰতিনিধিত্ব কৰি আছে নেকি? হয়তো বহুতে শুনা নাই। মীনাক্ষীয়ে উত্তৰ দিয়ে, যিসকলে সম্পৰ্কৰ নতুন সংজ্ঞাত যোগদান কৰিব বিচাৰে, তেওঁলোকে যোগদান কৰিব। যিসকলে নিবিচাৰে, তেওঁলোকে এইফালে অহাৰ প্ৰয়োজন নাই।










