
“সনাতন ধৰ্ম (Sanatan Dharma) হৈছে সম্পূৰ্ণ বিজ্ঞান সন্মত ধৰ্ম। সনাতন ধৰ্মৰ মূল ধৰ্ম গ্ৰন্হ হৈছে বেদ । বেদৰ প্ৰতিটো কথাত বিজ্ঞান আছে। বৈদিক দৰ্শন হৈছে এক গভীৰ বিষয়।” এই মন্তব্য বিশিষ্ট সংস্কৃত পণ্ডিত ড: নিতিশ শৰ্মা শাস্ত্ৰীৰ ।

আজি নগাঁও জিলাৰ ননৈ বাদলগাঁও স্হিত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ মুখ্য কাৰ্যালয় চৌহদত অনুষ্ঠিত জিলা ব্ৰাহ্মণ সমাজৰ সোণালী জয়ন্তী উৎসৱত জিলা যাজক সমাজৰ সৌজন্যত অনুষ্ঠিত ‘বৈদিক দৰ্শন’ শীৰ্ষক আলোচনা সভাত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰি ড: নিতিশ শৰ্মা শাস্ত্ৰীয়ে বৈদিক দৰ্শন যাজক শ্ৰেণীৰ কাৰণে প্ৰয়োজনীয় কথা বুলি উল্লেখ কৰি লগতে কয় যে সনাতন ধৰ্ম জীয়াই ৰখাত পুৰোহিত অৰ্থাৎ যাজক শ্ৰেণীৰ সৰ্বাধিক গুৰুত্ব আৰু দায়িত্ব আছে। যিহেতু সনাতন ধৰ্মৰ মূল গ্ৰন্হ বেদ পৰিচালিত হয় ব্ৰাহ্মণ আৰু পুৰোহিত সকলৰ মাধ্যমেৰে।
পুৰোহিত সকলে যজমান আৰু ভগৱানৰ মধ্যস্হতাকাৰীৰ ৰূপত অৱতীৰ্ণ হৈ আহিছে । সেয়ে পুৰোহিত সকলৰ চিন্তাধাৰা উত্তম, সংস্কাৰী আৰু বিশেষ গুণ সম্পন্ন হোৱাটো অতি প্ৰয়োজনীয় কথা। ড: শৰ্মাই সুপৰিকল্পিত আৰু সুসংগঠিত ভাৱে যাজক সকলক আগবাঢ়ি যাবলৈ আহ্বান জনায়।
জিলা যাজক সমাজৰ সভাপতি পুৰোহিতৰত্ন তোষেশ্বৰ শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত আলোচনা সভাখন উদ্বোধন কৰি বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ভাৰতীয় বৈদিক পৰম্পৰা আৰু সংস্কৃতিয়ে বিশ্বৰ বহু ৰাষ্ট্ৰক প্ৰভাৱিত কৰা বুলি উল্লেখ কৰি ভাৰতীয় হিন্দু সভ্যতাৰ উত্তৰণত ব্ৰাহ্মণ সকলে অৱদান আগবঢ়াই অহা বুলিও মন্তব্য কৰে। বিধায়ক গোস্বামীয়ে বৰ্তমানৰ যুৱ প্ৰজন্মক সনাতন সভ্যতা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হবলৈ আহ্বান জনায়। আলোচনা সভাত আলোচক হিচাপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট শিক্ষাবিদ তথা সংস্কৃত পণ্ডিত যজ্ঞপতি শৰ্মা শাস্ত্ৰীয়ে সনাতন ধৰ্ম আৰু বৈদিক দৰ্শনৰ ওপৰত আলোকপাত কৰে ।
আলোচনা সভাত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ কাৰ্যকৰী সভাপতি বেদানান্দ ভাগৱতীৰ সম্পাদনাত প্ৰকাশিত ‘ব্যৱস্হা দৰ্পন আৰু দ্ৰব্য সম্ভাৰ’ শীৰ্ষক গ্ৰন্হখন উন্মোচন কৰে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ মুখ্য উপদেষ্টা ৰবীন্দ্ৰ নাথ শৰ্মাই। আলোচনা সভাত আদৰণি ভাষণ প্ৰদান কৰে জিলা যাজক উপ সমিতিৰ সম্পাদক যাদৱ শৰ্মাই আৰু শলাগৰ শৰাই আগবঢ়াই জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি নৰেন্দ্ৰ নাথ শৰ্মাই। অনুষ্ঠানত দশৱতাৰ নৃত্য পৰিৱেশন কৰে পৰিস্মিতা বৈশিষ্ঠই ।
ইয়াৰ পূৰ্বে বেদানন্দ ভাগৱতীয়ে আঁত ধৰা অনুষ্ঠানত মহৰ্ষি বেদব্যাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি লক্ষ্মীনাৰায়ন শৰ্মাই আৰু মংগলাচৰণ পৰিবেশন কৰে ৰামচন্দ্ৰ গোস্বামীয়ে। ইপিনে আজি পুৱা বাদলগাঁও স্হিত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ কাৰ্যালয় চৌহদত মূল পতাকাকে ধৰি ৫১ খন পতাকা উত্তলনেৰে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সোণালী জয়ন্তী উৎসৱৰ তিনিদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।
জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি নৰেন্দ্ৰ নাথ শৰ্মাই মূল পতাকা উত্তোলন কৰাৰ বিপৰীতে বাকী ৫০ খন পতাকা উত্তোলন কৰে জিলা ব্ৰাহ্মণ সমাজৰ বিষববীয়া আৰু বিশিষ্ট ব্যক্তি সকলে । কাইলৈ সোণালী জয়ন্তী উৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত দিনৰ ১১ বজাত মহিলা ব্ৰাহ্মণ সমাজৰ সৌজন্যত ‘সমাজৰ উত্তৰণত ব্ৰাহ্মণ মহিলাৰ ভূমিকা’ শীৰ্ষক এখন আলোচনা সভা অনুষ্ঠিত হব ।













