![]()
ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফু : চাওঁতে চাওঁতে ২০২৩ ইংৰাজী বৰ্ষটো বহু-ঘাত-প্ৰতিঘাত, দুৰ্ঘটনা আৰু বহ তিতা -কেঁহা অভিজ্ঞতাৰ মাজেৰে অতিবাহিত হ’ল ৷ পাহাৰীয়া জিলাখনত দৈনিক বৃদ্ধি পাই অহা পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত মৃত্যু বৰণ কৰা লোকৰ সংখ্যা হ্ৰাস কৰিবলৈ গঠন হৈছিল জিলা পথ সুৰক্ষা সমিতি ৷

বিগত বৰ্ষটোত কাৰবি আংলং জিলাত পথ সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ খতিয়ান দাঙি ধৰি জিলা আয়ুক্ত মধুমিতা ভীগৱতীয়ে জিলা আয়ুক্ত কাৰ্যালয়ত এক সংবাদমেলক সম্বোধন কৰে ৷ জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈৰ উপস্থিতিত আয়ুক্ত গৰাকীয়ে পথ সুৰক্ষা সন্দৰ্ভত বিস্তৃত বাখ্যা দাঙি ধৰে ৷
আয়ুক্ত মধুমিতা ভাগৱতীয়ে সংবাদমেল সম্বোধন কৰি কয়যে, বিগত বৰ্ষটো পথ সুৰক্ষা সন্দৰ্ভত জিলা পথ সুৰক্ষা সমিতিৰ জৰিয়তে প্ৰতিমাহৰ শেষৰ তাৰিখত বৈঠক, ৰাজ পথত এনফৰ্চমেণ্টৰ তালাচী, মদাহী চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, পথ সমূহৰ অভিযান্ত্ৰিক আসোঁৱাহ সমূহ দূৰীকৰণৰ ব্যৱস্থা, সাংবাদিক আৰু এনজিঅৰ জৰিয়তে বিদ্যালয় সমুহত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভা, বাটৰ নাট প্ৰদৰ্শন কৰা আৰু পথ সমূহৰ অতিকৈ দুৰ্ঘটনা প্ৰৱণ স্থান সমূহক ব্লেক স্পট হিছাপে চিহ্নিত কৰি সংশ্লিষ্ট বিভাগৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে ৷












