![]()
শুকুৰবাৰে দিনৰ ১০ বজাৰ সন্ধিয়া ৫ বজালৈ সমগ্ৰ ৰাজ্যৰ লগত সগত সংগতি ৰাখি ডিফুতো সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা কাৰবি আংলং জিলা সমিতিৰ উদ্যোগত ৬ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

ডিফুস্থিত জিলা আয়ুক্ত কাৰ্যালয় চৌহদত সভাপতি দিপল বৰা আৰু সাধাৰণ সম্পাদক আশীস দাসৰ নেতৃত্বত আয়োজিত ধৰ্ণাত প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া চাৰিদফীয়া দাবীকলৈ বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্থ কৰা পৰিলক্ষিত হয় ৷
চাৰিদফীয়া দাবী সমূহ ক্ৰমে, জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক সুকীয়া দৰমহা গাঁথনি প্ৰদান কৰা, জিলা আয়ুক্ত কাৰ্যালয়ত অধীক্ষক আৰু গাণনিকৰ পদ সৃষ্টি কৰা,মুখ্য সহায়কৰ পদ সৃষ্টি কৰা,জাৰীকাৰক সকলক অতুৰিক্ত ৩ শতাংশ দৰমহা প্ৰদান কৰা, আৰু এনপিএছ বাতিল কৰি অপিএছ পুণৰ প্ৰচলন কৰা ৷













