
দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে সংসদৰ শীত কালীন অধিৱেশনত সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰ সনিদৰ্ভত কৰি অশালীন মন্তব্যৰ প্ৰতিবাদত আজি দেশজুৰি কংগ্ৰেছ দলে জিলা মুখ্যালয়ত আম্বেদকাৰ সন্মান যাত্ৰাৰ অংশ স্বৰুপে ডিফুতো কংগ্ৰেছ দলে প্ৰতিবাদী যাত্ৰা উলিয়াইছিল যদিও আৰক্ষীয়ে ইয়াত বাধা আৰোপ কৰে কংগ্ৰেছ কাৰ্যালয়ৰ কাষতে কংগ্ৰেছ কৰ্মী সকলক আৱদ্ধ কৰি ৰাখে ৷

কংগ্ৰেছ কৰ্মী সকলে হাতে হাতে সংবিধানৰ প্ৰতিলিপিলৈ বিভিন্ন শ্লগানেৰে প্ৰতিবাদ সাব্যস্থ কৰে ৷ আনহাতে এই যাত্ৰাৰ নেতৃত্ব দিয়া জিলা কংগ্ৰেছ সভাপতি বিদ্যাছিং ৰংপিয়ে সংবাদ মাধ্যমৰ ওচৰত মন্তব্য প্ৰদান কৰি গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰাৰ লগতে বিজেপি দলে সংবিধানক সন্মান নকৰাৰ অভিযোগ তোলে ৷ বিজেপি চৰকাৰৰ দিনত এতিয়া দেশত গণতন্ত্ৰ বৰ্তি আছে নে নাই তাক লৈও সন্দেহ প্ৰকাশ কৰে ৰংপিয়ে ৷
বিজেপি দলে আম্বেদকাৰৰ বিৰুদ্ধাচৰণ কৰাৰ লগত্ দেশৰ গণতন্ত্ৰ ধমবংস কৰাৰ চেষ্টা চলোৱা বুলি ৰংপিয়ে অভিযোগ তোলে ৷ আনহাতে জিলা কংগ্ৰেছ দলে গৃহমন্ত্ৰীৰ পিৰতি বিষোদগাৰ প্ৰকাশ কৰি বৰ্খাস্থ কৰাৰ দাবীত দেশৰ ৰাষ্ট্ৰপতিলৈ জিলা আয়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰা বুসিও ৰংপিয়ে সদৰি কৰে ৷












