
জনতাৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু, হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক (Zubeen Garg) মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰাৰ দাবীৰে অসম ৰাজ্যিক সাংবাদিক সন্থাই বুধবাৰে বোকাখাত সমজিলা প্ৰশাসনৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাৰ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে জুবিনৰ অন্তিম যাত্ৰাত জনতাৰ অভিলেখ সৃষ্টিকাৰী সমাগমে ইতিমধ্যে বিশ্বৰ চতুৰ্থ স্থান লাভ কৰিছে ৷
অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী এনে অভিলেখৰ গৰাকী হোৱা ব্যক্তি আৰু এগৰাকী শিল্পী হিচাবে বিশ্বৰ দ্বিতীয় স্থানত আছে অসমীয়াৰ হিয়াৰ আমঠু, জনতাৰ শিল্পী জুবিন গাৰ্গ ৷ তদুপৰি নিজে পাঁচ হাজাৰৰ অধিক গীত লিখাৰ লগতে ৪০ টা ভাষাত ৩৮ হাজাৰতকৈও অধিক গীত পৰিৱেশন কৰি দেশৰ ১০ গৰাকী শিল্পীৰ ভিতৰত প্ৰথম স্থানত আছে জনতাৰ শিল্পী জুবিন গাৰ্গ ৷
এনে এগৰাকী শিল্পীক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰিব লাগে বুলি সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰিছে ৷ লগতে জুবিন গাৰ্গৰ আকস্মিক বিয়োগক লৈ সকলো সন্ধিহান হৈ আছে ৷ এই ক্ষেত্ৰত যিসকল দোষী ব্যক্তি সেইসকলক কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে বুলি স্মাৰক পত্ৰত উল্লেখ আছে ৷
স্মাৰক পত্ৰখনত আৰু উল্লেখ আছে যে সমগ্ৰ ভাৰতবাসী তথা বিশ্ববাসীকো শিল্পীজনৰ পৰলোক গমনে শোকত ম্রিয়মান কৰিছে। তেওঁৰ মৃত্যুত ভাৰতে সংগীত জগতৰ এক অমূল্য বত্ন হেৰুৱালে। জুবিন গাৰ্গ কেৱল এগৰাকী গায়কেই নাছিল, একেধাৰে গীতিকাৰ, সুৰকাৰ, চলচ্চিত্র পৰিচালক, অভিনেতা, সংগীত পৰিচালক, কবি হোৱাৰ উপৰিও অসমীয়া সংস্কৃতিৰ প্রতীক।
সংগীতৰ জৰিয়তে জাতি-ধর্ম-বর্ণ সকলোকে একত্রিত কৰি বৃহত্তৰ সমন্বয়ৰ সেঁতু অধিক সুদৃঢ় কৰি গৈছে। প্রকৃতিৰ লগতো আছিল নিবিড় সম্পর্ক। মহাপুৰুষ শঙ্কৰদেৱৰ সৃষ্টিৰাজি বিশ্ব দৰবাৰলৈ লৈ যোৱাত অকৃত্রিম পদক্ষেপ লোৱা অন্যতম শিল্পী আছিল জুবিন গাৰ্গ।
অসমীয়া জাতি আৰু ভাৰতীয় সংস্কৃতিৰ জীৱন্ত প্রতীক জুবিন গার্গ। ৰাষ্ট্ৰীয় জীৱনত অৱদান আগবঢ়োৱা ব্যতিক্রমী ব্যক্তিসকলক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান “ভাৰত ৰত্ন” আগবঢ়োৱা হয়। এই প্রেক্ষাপটত জুবিন গাৰ্গক মৰণোত্তৰভাৱে হ’লেও “ভাৰত ৰত্ন” সন্মানেৰে সন্মানিত কৰাতো ৰাজ্যবাসীয়ে আন্তৰিকতাৰে কামনা কৰে।
সেয়েহে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ তৰফৰ পৰা জুবিন গাৰ্গক মৰনোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আমি অনুৰোধ কৰিলোঁ। এই পদক্ষেপে কেৱল এজন শিল্পীক সন্মান জনোৱাই নহয়, বৰঞ্চ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনতাৰ মৰম আৰু সাংস্কৃতিক গৌৰৱক স্বীকৃতি দিয়া হ’ব আৰু দেশৰ ভাৱমূর্তিও উজ্জ্বল হ’ব।
লগতে স্মাৰক পত্ৰ প্ৰদান কৰা সজাতি দলটোৱে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰত থকা অসমৰ দুই মন্ত্ৰী ক্ৰমে সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সাংসদ সকলে এই ক্ষেত্ৰত প্ৰয়োজনীয় ভূমিকা পালন কৰিব লাগে। আৰু অসম চৰকাৰে এই দাবী সন্দৰ্ভত অসম বিধানসভাত এক সংসদীয় প্ৰস্তাৱ লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায়।
আজি বোকাখাতত কাৰ্যবাহী দণ্ডাধীশ সিদ্ধাৰ্থ সোনোৱালৰ হাতত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ হৈ স্মাৰক পত্ৰ প্ৰদান কৰে ক্ৰমে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি, সম্পাদক বুবুল দত্ত আৰু নীলু আচাৰ্য, জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট নাট্যকাৰ অমৰ শৰ্মা, বোকাখাতৰ সাংবাদিক সংগঠনদ্বয় ক্ৰমে কে এন এন-ৰ মুখ্য সচিব দিব্যজ্যোতি হাজৰিকা আৰু ইমজা বোকাখাতৰ সম্পাদক সুদীপ্ত তামুলী, বোকাখাত সমজিলা বিহু সুৰক্ষা সমিতিৰ সম্পাদক দুলাল ডেকা আদি।













