![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আগন্তুক বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি আজিৰে পৰা পশ্চিম কার্বি আংলং জিলাৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে ক’ভিড প্রতিষেধক প্রদান কার্যসূচী। এই কার্যসূচীৰ অংশৰূপে পশ্চিম কার্বি আংলং জিলাৰ জিলা উপায়ুক্ত ছৈয়দ ইছফাকুৰ ৰহমানে প্রথমগৰাকী চৰকাৰী বিষয়া হিচাপে ক’ভিড প্রতিষেধক গ্রহণ কৰে।
ইপিনে, নির্বাচন আয়োগৰ কঠোৰ নির্দেশনাৰ প্রতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে আগন্তুক নির্বাচনৰ সৈতে জড়িত চৰকাৰী বিষয়া-কর্মচাৰীসকলক তাৎক্ষনিকভাৱে এই প্রতিষেধক প্রদানৰ ব্যৱস্থা কৰে। কার্যসূচী অনুযায়ী আজি পুৱাৰে পৰা জিলাখনৰ ১৩টা স্থানত কভিডপ্রতিষেধক প্রদানৰ ব্যৱস্থা কৰা হৈছে। জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা হামৰেণ, বৈঠালাংছ’, ডংকামেকাম, তুমপ্রেং, খেৰণি, জিৰিকিন্দেং, বৰগাঁও, ভকচং, পুটছাৰি, উমলাফেৰ, উমপেনাই, মাইলু আৰু ৰংজাংফঙত এই ক’ভিড প্রতিষেধক প্রদানৰ ব্যবস্থা কৰা হৈছে।
পশ্চিম কার্বি আংলং জিলাৰ জিলা উপায়ুক্ত ছৈয়দ ইছফাকুৰ ৰহমানে ক’ভিড প্রতিষেধক গ্রহণ কৰি সংবাদমাধ্যমৰ আগত, আগন্তুক অসম বিধানসভা নির্বাচনৰ সৈতে জড়িত প্রতিগৰাকী বিষয়া-কর্মচাৰীয়ে এই ক’ভিড প্ৰতিষেধক লোৱাটো জৰুৰী আৰু বাধ্যতামূলক কৰা হৈছে বুলি উল্লেখ কৰাৰ লগতে জিলাবাসীলৈ আগন্তুক নির্বাচনত কভিড প্রটোকল মানি চলিবৰ বাবেও আহ্বান জনায়।













