![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে একাধিক সফল অভিযান চলোৱাৰ সময়তে শুকুৰবাৰে কাৰবি আংলং আৰক্ষীয়ে মাঞ্জাত অভিযান চলাই ড্ৰাগছৰ কেঁচা সামগ্ৰীৰূপে বৃহৎ পৰিমাণৰ আফু গুটিৰ লগতে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি শুকুৰবাৰে প্ৰাতঃ পুৱাতে আৰক্ষী উপাধ্যক্ষ (মুখ্য), মাঞ্জা থানাৰ অ’চি জিতুমনি ডেকাৰ নেতৃত্বত মাঞ্জা থানাত ষ্টাফসহ এক বিশেষ সূত্ৰৰ পম খেদি মাঞ্জা থানাৰ অন্তৰ্গত আইচিডিপিত আৰ জে ১৯ জিবি ৯৮২৫ নম্বৰৰ ১২ চকীয়া অশোকা লে লেণ্ড ট্ৰাকত তালাচী চলাই ২৪ কুইণ্টল ৮৬ কেজি পৰিমাণৰ আফুগুটিৰ লগতে দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
হেণ্ডিমেন আৰু চালকৰূপী আটকাধীন লোক দুজন ক্ৰমে, ৰাজস্থানৰ যোধপুৰ ভিয়াচৰৰ কৃষণৰাম (২৮) আৰু ৰাজস্থান ফালদি জিলাৰ ভোজাচৰ থানা এলেকাৰ চিথৰভেৰাৰ চন্দ্ৰ প্ৰকাশ (৩৮) বুলি চিনাক্ত কৰা হৈছে ৷ আটকাধীন লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত কৃষণৰামৰ লগতলৈ পুণৰ মাঞ্জা থানাৰ অ’চি জিতুমনি ডেকা আৰু সংগীয় ষ্টাফ আৰু খটখটী থানাৰ অ’চি মৌবলিক ব্ৰক্ষ্ম আৰু সংগীয় ষ্টাফসহ ডিমাপুৰৰ চামুকিডিমাত অভিযান চলাই ডিমাপুৰ চামুকিডিমাৰ নদীপাৰ নিৱাসী নুৰুল ইছলামৰ পুত্ৰ ছাইফুল ইছলামক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে চামুকিডিমাস্থিত গুদামৰ পৰা আৰু ১৭ কেজি আফুগুটি জব্দ কৰিবলৈ সক্ষম হৈছে ৷ এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা এনডিপিএছ ১৫(গ)/২৫/২৭ (ক)/২৯ত মাঞ্জা থানাত ৩৪/২০২১ নম্বৰত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব দিছে ৷
উল্লেখযোগ্য যে, ড্ৰাগছ সৰবৰাহকাৰীসকলে ৰাষ্ট্ৰীয় ঘাই পথক নিৰাপদ ক’ৰিডৰ হিছাপে ব্যৱহাৰ কৰি আহিছে যদিও ড্ৰাগছ প্ৰস্তুতত ব্যৱহৃত কেঁচা সামগ্ৰীসমূহ এনেদৰে সৰবৰাহৰ প্ৰক্ৰিয়াই ড্ৰাগছৰ ক্ষেত্ৰত বৃহৎ আন্তঃৰাষ্ট্ৰীয় বজাৰ গঢ়লৈ উঠিব পাৰে বুলি সচেতন মহলে উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷
আনহাতে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছৰ উক্ত বৃহৎ চক্ৰটোৰ সৈতে অপৰাধ জগতৰ বহু লোক জড়িত থকা বুলি আশংকা কৰা হৈছে ৷












