![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে জেহাদ আৰম্ভ কৰাৰ পিছত কৰ্তব্যত সততাৰ পৰিচয়ৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰি নিশাটোৰ ভিতৰতে হিৰ’ হৈ পৰা হোম গাৰ্ড বৰচিং বেৰ চৰ্চা চলি থকাৰ মাজতে আজি পুনৰ বোকাজান মহকুমা আৰক্ষীয়ে নিচাযুক্ত ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে লাভ কৰিছে দুটা উল্লেখযোগ্য সফলতা ৷ আজি একেদিনাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ২০.৭৬০ কেজি গাঞ্জাৰ লগতে ৩৫ গ্ৰাম হেৰ’ইন। প্ৰাপ্ত খবৰ অনুসৰি বোকাজানৰ লাহৰিজান নাকা তালাচীত জব্দ হয় ২০.৭৬০ গ্ৰাম গাঞ্জা। AS 01 KC 9163 নম্বৰৰ ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰা হয় ৪ পেকেট গাঞ্জা। এই সন্দৰ্ভত ইতিমধ্যে ট্ৰাক চালক ৰাজেশ্বৰ সিং (৩১) আৰু গাড়ীখনৰ মালিক টনাবাম টাচকেন (৪১) আটক কৰিছে আৰক্ষীয়ে। দুয়োৰে ঘৰ মণিপুৰৰ ইম্ফলত বুলি জানিব পৰা গৈছে।
অন্যহাতে আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি বোকাজানৰ গান্ধীবস্তিত উদ্ধাৰ কৰে ৩৫ গ্ৰাম হিৰ’ইন। MN-01-9685 নম্বৰৰ ট্ৰাকখনৰ ৩টা চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী নাওবা সিং আৰু মাংগিযাও সিং আটক কৰে আৰক্ষীয়ে। দুয়োৰে ঘৰ মণিপুৰৰ ইম্ফলত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
উল্লেখ্য যে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, মনোজ্জল গগৈ, মব্লিক ব্ৰহ্ম আৰু চৰণ মোহন সিং চেতিয়া নেতৃত্বত চলিছিল এই অভিযান।












