![]()
অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত আজি পুৱাৰভাগতে উদ্ধাৰ হৈছে বুজন পৰিমানৰ নিষিদ্ধ হেৰইন ৷ আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি এক গোপন সূত্ৰৰ ভিত্তিত লাহৰীজান পহৰাচকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱপ্ৰতিম কোঁৱৰৰ নেতৃত্বত লাহৰিজান পহৰা চকীৰ ওচৰত এক নাকা তালাচী অভিযান চলায় ৷
উক্ত অভিযানৰ সময়তে মণিপুৰ দিশৰ পৰা আহি থকা অৱস্থাত এএছ 01 জেচি 2511 নম্বৰৰ এখন 1109 ট্ৰাকত সন্দেববশত তালাচী চলাই ট্ৰাকখনৰ টুল বক্সৰ পৰা ৯ টা চাবোনৰ বাকচত কঢ়িয়াই অনা অৱস্থাত ১০৮’৯৭ গ্ৰাম সন্দেহযুক্ত হেৰইনৰ লগতে নগদ তেৰ হাজাৰ পাঁছশ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
এই সন্দৰ্ভত বাহনখনৰ চালক মণিপুৰ থাউবেল জিলাৰ ২৮ বছৰীয়া থাউডাম নংচুম্বাক আৰক্ষীয়ে আটক কৰে ৷ প্ৰাথমিক তদন্তত ধৃত চালকজনে ড্ৰাগছখিনি গুৱাহাটী এলেকাৰ বাবে অনা হৈছিল স্বীকাৰ কৰে ৷ বোকাজানৰ অ’চি মৌবলিক ব্ৰক্ষ্মৰ উপস্থিত সন্দেহযুক্ত হেৰইনখিনি জব্দ কৰা হয় ৷













