![]()
হাইলাকান্দি আৰক্ষীৰ আন এক বৃহৎ সফল অভিযানত জব্দ হ’ল বৃহৎ পৰিমাণৰ ড্ৰাগছ। পাঁচগ্ৰাম এলেকাত ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আৰক্ষীয়ে অভিযান চলাই এখন ৰৈ থকা বাহনৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে ২.৬ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী, ইয়াবা টেবলেট অাৰু ৩৫৭ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন।

ঘাইপথৰ কাষতে ৰৈ থকা MZ-02-9626 নম্বৰৰ এখন মাৰুতি এল্টো গাড়ীৰ তেলৰ টেংকীৰ ভিতৰতে লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছখিনি । হাইলাকান্দিৰ উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে জানিবলৈ দিয়া মতে, জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য আনুমানিক ৩ কোটি টকা।













