![]()
মৰিয়নি ৰেল জংচনত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। এগৰাকী ৰে’ল আৰক্ষী হিচাবে কৰ্মৰত তিতাবৰ বৰএৰাৰ নিবাসী কমল বৰা নিশা ইণ্টাৰচিটি এক্সপ্ৰেছৰ পৰা নামিব লওঁতেই চলন্ত ৰে’লৰ তলত পৰি এখন ভৰি চিঙি যায়।
তিতাবৰ ৰে’ল ষ্টেচন মাষ্টৰ গৰাকীৰ গুৰুত্বহীনতাৰ কাৰণে ৰে’ল আৰক্ষী গৰাকী দুৰ্ঘটনাস্থলীত প্ৰায় এঘণ্টাতকৈ অধিক সময় ৰে’লৰ চিৰিত পৰি যমৰ যান্ত্ৰণাত চটফটাই থাকে। আনহাতে, কমল বৰাৰ এনে অৱস্থা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ১০৮ জৰুৰীকালীন সেৱাত যোগাযোগ কৰিলেও এঘণ্টাৰ পাছতহে ১০৮ সেৱা আহি পায়।
তৎস্বত্বেও, তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য, মূৰত প্ৰচণ্ড আঘাত পোৱাৰ হেতু তেওঁৰ হস্পিতালতেই মৃত্যু হয়।
কমল বৰা বিগত দিনত মাজুলীত আৰক্ষী ৰূপে কৰ্মৰত হৈ থাকোতেও মটৰ চাইকেল দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। সুস্থ হৈ উঠাৰ পিছতেই তেখেতে মৰিয়নি জংচনত ৰেল আৰক্ষী হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰে।
কালি বিয়লি নিজ কাৰ্য সম্পন্ন কৰি ইণ্টাৰচিটি এক্সপ্ৰেছত আহি থাকোঁতে নিশা তিতাবৰ ষ্টেচনত তেখেত দুৰ্ঘটনাত পতিত হয়।উল্লেখ্য যে, তিতাবৰ ষ্টেচনৰ প্লেটফর্ম অত্যন্ত চাপৰ হোৱাৰ বাবে সময়ে সময়ে ৰেলৰ পৰা পৰি বহু কেইজন লোক গুৰুতৰ ভাবে আহত হৈ আহিছে।
তিতাবৰ ষ্টেচন আধুনিক কৰণৰ বাবে তিতাবৰৰ বিভিন্ন দল সংগঠনে তীব্র প্ৰতিবাদ কৰি আহিছিল যদিও ৰেল বিভাগে ৰাইজৰ এই সমস্যা লৈ কোনো দিনে গুৰুত্ব দিয়া নাই।
যাৰ ফলত কালি এগৰাকী ৰেল আৰক্ষী এনেদৰে মৃত্যুক সাৱতি ল’ব লগা হয়। আজি অন্তুষ্টিক্ৰিয়া সম্পন্ন কৰা আৰক্ষী গৰাকীৰ মৃত্যুত তিতাবৰত শোকৰ ছাঁ পৰে।মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দশম শ্ৰেণীত অধ্যয়নৰত এজন পুত্ৰক এৰি থৈ যায়।













