![]()
বিগত ২০১১ চনত কাৰ্বি আংলং জিলাৰ প্ৰাক্তন বিদ্ৰোহী সংগঠন ইউ পি ডি এছ’ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তিৰ আধাৰত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত স্থাপন হ’বলগীয়া ২৪ টা স্বাস্থ্যসন্মত মূৰ্গী,ছাগলী আৰু গাহৰি মাংস বিক্ৰী কেন্দ্ৰৰ আজি আধাৰশিলা স্থাপন কৰা হয়৷
জিলা পশুপালন বিভাগৰ উদ্যোগত জিলাখনৰ লংনিটৰ বিভাগটোৰ প্ৰাথমিক পশু স্বাস্থ্য কেন্দ্ৰৰ চৌহদত ৪’৫ কোটি টকাৰ মাংস বিক্ৰী কেন্দ্ৰকেইটা আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷
আধাৰশিলা স্থাপন কৰি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে- ইয়াৰ দ্বাৰা জিলা দুখনৰ বহুখিনি নিবনুৱা উপকৃত হ’ব৷জিলা পশুপালন বিষয়া ডাঃ দিলীপ মহন্ত আৰু পৰিষদৰ মুখ্য সচিব চিইম তাৰ’ৱে আঁত ধৰা এই অনুষ্ঠানত সাংসদ হৰেণ ছিং বে,ডিফু আৰু হাওঁৰাঘাট বিধান সভা সমষ্টিৰ বিধায়ক ক্ৰমে-বিদ্যাছিং ইংলেং, দৰছিং ৰংহাঙৰ লগতে পৰিষদৰ উপাধ্যক্ষকে ধৰি বহু কেইগৰাকী পাৰিষদ উপস্থিত থাকে৷













