![]()
মংগলবাৰে নিশা পশ্চিম কাৰ্বিআংলঙৰ বৈঠালাংছু থানাৰ অন্তৰ্গত হাবাই ইংতিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৩৫ গৰাকী যাত্ৰীক লৈ বৈঠালাংছু সাপ্তাহিক বজাৰৰ পৰা নিশা ঘৰলৈ যোৱাৰ পথত হাবাই ইংতিৰ কেকুঁৰি পাৰ হ’ব লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত পৰে গাড়ীখন।
টাটা মবাইল খনে ৩৫ জনকৈ লোকক দুৰ্গম পাহাৰীয়া অঞ্চললৈ কঢ়িয়াই নি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰোৱাই পাহাৰৰ তলত বাগৰি পৰাৰ ফলত ৫ জন যাত্ৰী ক্ৰমে কাৱে ইংতিপী,কাংবুৰা ইংতি,কামাৰ টেৰণ ,ৰঞ্জিত টেৰণ আৰু চাৰ্থে টেৰণ গুৰুতৰভাৱে আহত হয় ৷ ইতিমধ্যে বৈঠালাংছ’ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আঘাতপ্ৰাপ্ত আন কেইবাজনো যাত্ৰীক প্ৰাথমিক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে ৷
আনহাতে উন্নত চিকিৎসাৰ বাবে সংকতজনক অৱস্থাত থকা ৫ জনকৈ যাত্ৰীক ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ ইফালে উক্ত ভয়ানক দুৰ্ঘটনাটো কি কাৰণে সংঘটিত হ’বলৈ পালে, এই সন্দৰ্ভত বৈঠালাংছʼ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।













