![]()
কাৰ্বি আংলং জিলাৰ লৰিংথেপিৰ বৰছিং ৰংহাং মিনি ষ্টডিয়ামত বুধবাৰে ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক তথা ১২ নং ফুলনি পৰিষদিয় সমষ্টিৰ জনপ্ৰতিনিধি দৰছিং ৰংহাঙৰ দ্বাৰা ২৫০ গৰাকী দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ – ছাত্ৰীৰ মাজত পঞ্চাছ লক্ষ্যাধিক টকাৰ চেক বিতৰণ কৰে।
হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীসকলৰ উপস্থিতিত ২৫০ শিক্ষাৰ্থীৰ প্ৰত্যেককে পাঁচ হাজাৰকৈ চেক বিতৰণ কৰে বিধায়ক গৰাকীয়ে।
উক্ত চেক বিতৰণ কৰা কাৰ্যসূচীত অতিথী হিচাপে উপস্থিত থাকে ক্ৰমে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙৰ লগতে ফুলনি পৰিষদিয় সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ কনদৰ ক্ৰ’, ফুলনি-চেণ্টাৰ নগৰ সমিতিৰ অধ্যক্ষ ম’জাছিং ৰংহাং, প্ৰাক্তন এম এ চি ভিম কান্ত চৌহান, ফুলনি-চেণ্টাৰ নগৰ সমিতিৰ উপাধ্যক্ষ কাংবোৰা কিলিং আৰু বিশিষ্ট সমাজ সেৱক কমল মজুমদাৰ উপস্থিত থাকে।
আনহাতে বিধায়ক দৰছিং ৰংহাঙে সমষ্টিটোত শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত হোৱা উন্নয়নৰ বাবে অসম মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।













