![]()
শিৱসাগৰত দিবা-নৈশ বাছত ৰহস্যজনকভাৱে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । যুৱকজন নগাঁও পুৰণিগুদাম ৰামতেলিয়াটিৰ ৰাকেশ আলি বুলি চিনাক্ত কৰা হৈছে।
গুৱাহাটীৰ পৰা সোণাৰি অভিমুখে আহি থকা অৱস্থাতে AR 02- 5552 নম্বৰৰ মা ট্ৰভেলছ ডে’ ছুপাৰখনত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। লক্ষণীয় যে মৃত ৰাকেশ আলি আছিল ” মা ট্ৰেভেলছ” ৰ অংশকালীন সহায়ক। ইপিনে যুৱকজনৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই আত্মীয়ই। ৰাকেশ আলিক গাড়ীখনৰ চালক-সহায়কে বিহ খুৱাই হত্যা কৰাৰ অভিযোগ কৰিছে।
যুৱকজনক প্ৰথমে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা শিৱসাগৰ প্ৰগতি চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।বাছখনৰ চালক, হেণ্ডিমেন ক্ৰমে দুলু গগৈ আৰু ৰমণী গগৈক আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।












