
বিপ্লৱী কবিতা লিখি কাৰাৰুদ্ধ হৈ থকা বৰ্ষাশ্ৰী বুঢ়াগোঁহাই আজি ডিচিবি কলেজৰ এজন অধ্যাপকৰ নিৰীক্ষণত দ্বিতীয় দিনাৰ পৰীক্ষাত বহিছে। সোমবাৰে গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে ডিচিবি কলেজৰ অধ্যক্ষক কাৰণ দৰ্শোৱাৰ বাবে জাননী দিয়াৰ পিছত আজি পৰীক্ষাত বহিছে ছাত্ৰী গৰাকী।
উল্লেখ্য যে, গোলাঘাটৰ উপায়ুক্তই এগৰাকী অতিৰিক্ত উপায়ুক্তৰ নিৰীক্ষণত প্ৰথমখন কাকতৰ পৰীক্ষা দিবলৈ বাধ্য কৰিছিল বৰ্ষাশ্ৰীক। কিন্তু এই বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰি আদালতে সোমবাৰে নিজেই হস্তক্ষেপ কৰি বিশ্ববিদ্যালয়ৰ নিয়মৰ অধীনত পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ডিচিবি কলেজৰ অধ্যক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে।
২৫ জুলাইৰ ভিতৰত এই জাননীৰ উত্তৰ দিব লাগিব অধ্যক্ষই। মন কৰিবলগীয়া যে, সোমবাৰে গোলাঘাট জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে। আদালতে বিশ্ববিদ্যালয়ৰ অধিনিয়ম অনুসৰি বৰ্ষাশ্ৰীক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ডিচিবি মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে সংশ্লিষ্ট সকলো পক্ষক নিৰ্দেশ দিছিল।
জানিব পৰা মতে, আদালতে ডিচিবি কলেজৰ পৰীক্ষা কেন্দ্ৰতে বৰ্ষাশ্ৰীৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ পোষকতা কৰিছিল যদিও কলেজৰ অধ্যক্ষগৰাকীয়ে কাৰাগাৰতে বৰ্ষাশ্ৰীৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আবেদন জনোৱাত ছাত্ৰীগৰাকীয়ে যোৱা ১৬ জুলাইত কাৰাগাৰতে পৰীক্ষাত বহিবলগীয়া হয়।
বৰ্ষাশ্ৰীৰ ককায়েকে আদালতত আবেদন দাখিল কৰাত আদালতে শেহতীয়া স্থিতি সন্দৰ্ভত গোলাঘাটৰ জিলা কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা প্ৰতিবেদন বিচাৰে।













