![]()
নগাঁও আৰক্ষী ছাউনীৰ পৰা চুৰি হোৱা সামগ্ৰী অৱশেষত উদ্ধাৰ কৰিলে আৰক্ষীয়ে। যোৱা ৯ জুলাইত নগাঁও আৰক্ষী ছাউনীৰ অন্তৰ্গত আৰক্ষীৰ চৰকাৰী আৱাসগৃহত থকা অৰুণজ্যোতি শইকীয়া নামৰ এজন কনিষ্টবলৰ পৰা চুৰি হৈছিল সক্ৰিয় গুলীসমূহ।

চোৰে অৰুণ শইকীয়াৰ ঘৰত প্ৰৱেশ কৰি নগদ ধন আৰু সোণৰ গহনাৰ লগতে ৯০জাঁই গুলী চুৰ কৰিছিল। এই ঘটনাৰ পিছতে আৰক্ষীয়ে চোৰটোক বিচাৰি অভিযান তীব্ৰতৰ কৰিছিল। যোৱা নিশা প্ৰায় ৯ বজাত নগাঁও আৰক্ষীৰ এটা দলে ফৌজদাৰীপট্টিত অভিযান চলাই ফিৰোজ খান নামৰ এটা চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰে চুৰি হোৱা ৯০জাঁই গুলী ।
আৰক্ষীয়ে ফিৰোজ খানৰ জিম্মাৰ পৰা উদ্ধাৰ কৰিছে মন্দিৰৰ পৰা চুৰি হোৱা ভগৱান শ্ৰীকৃষ্ণৰ এটি মূৰ্তিও। ইপিনে ফিৰোজক জেৰা কৰাৰ বাবে নগাঁও সদৰ থানাত উপস্থিত হয় নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে।












