![]()
হোজাই আৰক্ষীয়ে শেহতীয়াকৈ হোজাই ৰে’ল ষ্টেচনৰ সমীপৰ নিষিদ্ধ ব্ৰাউন চুগাৰ সহ আটক কৰে সৰবৰাহকাৰী দেৱাশীষ হৰক। দেৱাশীষৰ ঘৰ ৰেল নগৰী লামডিঙৰ ছাউথ হিল কলনিত।
আৰক্ষীয়ে অভিযুক্তৰ পৰা ১ কোটি টকাৰ ৯৮৩ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে। অবধ অসম ৰেলেৰে সামগ্ৰীখিনি বিক্ৰীৰ বাবে ডিমাপুৰৰ পৰা হোজাইলৈ অনা হৈছিল। আৰক্ষীয়ে ইতিমধ্যে এন ডি পি এছ আইনত এক গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে।













