![]()
এয়াৰ এম্বুলেঞ্চেৰে গুৱাহাটীলৈ অনা হৈছে জনপ্রিয় শিল্পী জুবিন গাৰ্গক।ডিব্ৰুগড়ৰ পৰা গুৱাহাটী বিমান বন্দৰলৈ অনা হৈছে জুবিনক।গুৱাহাটী বিমান বন্দৰত সাজু আছে আয়ুৰসুন্দ্ৰা হাস্পতালৰ এটা দল।আয়ুৰসুন্দ্রা হাস্পতালত জুবিনৰ বাবে সাজু কৰা হৈছে বিশেষ কক্ষ।এখন ৰিজ’ৰ্টত বাথৰূমত পৰি অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী।
ভৰ্তি কৰোৱা হৈছিল ডিব্রুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ত।জুবিনৰ স্বাস্থ্যক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেশৱ মহন্তক জুবিনৰ চিকিৎসা সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতাৰ নিৰ্দেশ।
প্ৰয়োজন সাপেক্ষে শিল্পীগৰাকীক ৰাজ্যৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চযোগে নিয়াৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ আনহাতে জুবিনৰ শেহতীয়া স্বাস্থ্য সন্দৰ্ভত জানিবলৈ দি তেওঁৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে কয় যে জুবিন বৰ্তমান সংকটমুক্ত।
অন্যহাতে জুবিন গাৰ্গে মঙলবাৰে বাথৰুমত পিচল খাই পৰাৰ সৈতে আজি অসুস্থ অনুভৱ কৰাৰ মাজত কোনো সম্পৰ্ক নাই বুলিও মন্তব্য কৰি পত্নী গৰিমা শইকীয়াই। তেওঁ কয় যে মঙলবাৰে যদিও জুবিন বাথৰুমত পিচল খাই পৰিছিল, তথাপিও তাৰ পিছত তেওঁ সুস্থ হৈয়ে আছিল।













