![]()
ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পেহীয়েকৰ হাতৰ পৰাই এটি ৯ বছৰীয়া শিশুক কাঢ়ি লৈ উধাও হ’ল এগৰাকী মহিলা। অপহৰণ কৰা শিশুটিৰ নাম হৈছে ৰিম্পী দাস।
জানিব পৰা মতে, ৰঙিয়াৰ কানিকুছিৰ ধীৰেন দাস আৰু ভাৰতী দাসৰ সৰু জীয়ৰীহৈছে ৰিম্পী দাস। পেহীয়েকে শিশুটিক লগত লৈ ৰঙিয়া ষ্টেট বেংকলৈ আহিছিল। তেওঁৰ লগত আহিছিল পেহীয়েকৰ চিনাকি আন এগৰাকী মহিলা।
তাৰ পিছত তেওঁলোকে ৰঙিয়াৰ হাইৱে চকৰ এখন হোটেলত চাহ খাবলৈ সোমায়।কিন্তু কিছু সময় পিছতে পেহীয়েকক হোটেলত বহিব দি শিশুটিক লৈ হোটেলৰ পৰা ওলাই আহে মহিলাগৰাকী। কিন্তু তাৰ পিছতে শিশুটিক লৈ উধাও হয় ৰহস্যময়ী মামণি নামৰ মহিলাগৰাকী।
ইপিনে এই ঘটনাতক লৈ সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।পিছত শিশুটিৰ অভিভাৱকে নিজ সন্তানৰ কোনো শুংসূত্ৰ নাপাই আৰক্ষীৰ ওচৰ চাপে।
অভিযোগ পোৱাৰ পিছতেই আৰক্ষীয়ে শিশুটিৰ লগতে অপৰণনকাৰী মহিলাগৰাকীৰ সন্ধানত নামি পৰে।এই পৰ্যন্ত শিশুটি বা মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।













