
কালি ৰঙিয়াৰ হাইৱে চ’কত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। পেহীয়েকৰ সৈতে ষ্টেট বেংকৰ শাখালৈ অহা ৯ বছৰীয়া এটি কণমানি শিশুক লৈ উধায় হৈছিল মামণি নামৰ এগৰাকী মহিলা। শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযান চলাই জিপিএছ লোকেশ্যন ট্ৰেছ কৰি মহিলাগৰাকীক হাউলীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে সুকলমে উদ্ধাৰ কৰে কণমানি ৰিম্পীক।
জানিব পৰা মতে, ৰঙিয়াৰ কানিকুছিৰ ধীৰেন দাস আৰু ভাৰতী দাসৰ সৰু জীয়ৰী হৈছে ৯ বছৰীয়া ৰিম্পী দাস। পেহীয়েকে শিশুটিক লগত লৈ ৰঙিয়া ষ্টেট বেংকলৈ আহিছিল। তেওঁৰ লগত আহিছিল পেহীয়েকৰ চিনাকি আন এগৰাকী মহিলা।
তাৰ পিছত তেওঁলোকে ৰঙিয়াৰ হাইৱে চকৰ এখন হোটেলত চাহ খাবলৈ সোমায়।কিন্তু কিছু সময় পিছতে পেহীয়েকক হোটেলত বহিব দি শিশুটিক লৈ হোটেলৰ পৰা ওলাই আহে মহিলাগৰাকী। কিন্তু তাৰ পিছতে শিশুটিক লৈ উধাও হয় ৰহস্যময়ী মামণি নামৰ মহিলাগৰাকী।পৰৱৰ্তী সময়ত, সমগ্ৰ ঘটনা সন্দৰ্ভত পেহীয়েকে ৰঙিয়া আৰক্ষীক অৱগত কৰে।













