
লৰিমুখৰ পৰা শালপাৰা অভিমুখে গৈ থকা অৱস্থাত ৰূপহীহাটৰ কৰৈগুৰিত দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰাবাহী টেম্পু। এএছ ০২ বিচি ৭০৩২ নম্বৰৰ টেম্পুখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত ৫জন লোক গুৰুত্বৰভাৱে আহত হয়।
উক্ত আহতপ্ৰাপ্ত পাঁচোগৰাকী ব্যক্তিক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অতি সংকটজনক বুলি জনাই তেওঁলোকক গুৱাহাটীলৈ প্ৰেৰণ কৰে চিকিৎসকে।
ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ নিজ তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনা সংঘটিত কৰা টেম্পুৰ গৰাকীয়ে কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে।













