
আজি বিয়লি বিজনীৰ অক্সিগুৰীত ভূই ৰুই ঘৰলৈ ওভতাৰ পথত বজ্ৰ পৰি নিহত হয় কিংকী কাছুৱা নামৰ এগৰাকী মহিলা আৰু আহক হয় দুগৰাকী মহিলা ক্ৰমে সঞ্জীতা কাছুৱা আৰু মীনা ওৰাং।
আহতপ্ৰাপ্ত দুয়োগৰাকী মহিলাক ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আনহাতে, মৃত মহিলা গৰাকীক ঘটনাস্থলীত বল্লামগুৰী আৰক্ষী উপস্থিত হৈ আৰক্ষী থানালৈ মৃতদেহটো লৈ আহে।













