![]()
যোৱা ২২ জুলাইৰ পৰা ২৭ জুলাইলৈ গুৱাহাটীত চলি থকা প্ৰথম অলিম্পিক খেলত আজি ডিফুৰ পৰা কাৰ্বি আংলঙৰ হৈ খেলিবলৈ যোৱা চাৰিগৰাকী জুডো খেলুৱৈ পদক লাভ কৰি কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
খেলুৱৈ চাৰিগৰাকী ক্ৰমে, ৪৪ কেজি শাখাত মনিকা কে আপি সোণৰ পদক, ৪৪ কেজি শাখাত পুৰৱী শৰ্মা সোণৰ পদক, ৫০ কেজি শাখাত নলবীৰ নাৰ্জাৰীৰ ৰূপৰ পদক আৰু ৪৮ কেজি শাখাত ছুমাইনা বসুমতাৰী ব্ৰঞ্জৰ পদক লাভ কৰে।
দলটো এভাৰেষ্ট বিজয়ী খৰছিং তেৰাং আৰু হৰেণ ইংতিৰ নেতৃত্বত গুৱাহাটীত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল বুলি জানিব পৰা গৈছে।













