![]()
অসম আৰক্ষীক পুনৰ এক লজ্জিত কৰা খবৰ।দুৰ্নীতি অভিযোগত খাৰুপেতীয়া থানা ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক গ্ৰেপ্তাৰ।উল্লেখ্য যে অভিযোগ মতে ভুৱা গোচৰ ৰুজু কৰিছিল বৰাই।এগৰাকী চিকিৎসক আৰু শিক্ষকৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।
জল জীৱন মিছনৰ পাইপ চুৰি কৰাৰ অভিযোগত গোচৰ ৰুজু কৰি আটক কৰিছিল দুইয়োজনক।পৰৱৰ্তী সময়ত পাঁচলাখ টকা উৎকোচ দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছিল।তাপৰ্যপূৰ্ণ কথা ধূলা থানা ভাৰপ্ৰাপ্ত বিষয়া থকা সময়ত সংঘটিত হৈছিল এই ঘটনা।
বৰ্তমান মঙলদৈ থানাত জেৰা কৰি থকা হৈছে বিষয়া গৰাকীক।উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক যিমানেই সংস্কাৰৰ কথা নকওঁক কিয় একাংশ আৰক্ষীৰ নিকৃষ্ট কাণ্ডই লজ্জিত কৰিছে আৰক্ষীৰ বিভাগক।













