![]()
লংকাৰ বামুনগাও চাৰিআলীত পথ দূৰ্ঘটনা।ভূল দিশৰ পৰা অহা দ্ৰুত বেগী বাইকৰ খুন্দাত নিহত হয় এগৰাকী গৰাকী মহিলা।ততাতৈয়াকৈ মহিলাগৰাকীক প্ৰথমে লংকা প্ৰাথমিক চিকিৎসালয়লৈ, পিছত লংকাৰ লংকেশ্বৰী চিকিটসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
দূৰ্ঘটনাত নিহত হোৱা মহিলাগৰাকীৰ নাম গুলনেহাৰ বেগম। বয়স ৬০ বছৰ।। ঘৰ বামুনগাওত।জানিব পৰা মতে, মহিলা গৰাকীয়ে বামুনগাও চাৰিআলীৰ ফাৰ্মাচীৰ পৰা ঔষধ নিবলৈ আহিছিল।
ঔষধ লৈ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৱ খুজোতেই ভূল দিশৰ পৰা পৰা অহা এখন দ্ৰুত বেগী বাইকে খুন্দা মাৰে মহিলাগৰাকীক।ইতিমধ্যে বাইক আৰোহী জনো আঘাটপ্ৰাপ্ত বুলি জানিব পৰা গৈছে।পিছত দূৰ্ঘটনা সংঘটিত কৰা বাইকখন জব্দ কৰিছে আৰক্ষীয়ে।













