
আৰক্ষীৰ জালত দীৰ্ঘদিন ধৰি প্ৰৱঞ্চনা কৰি অহা ৩ চাইবাৰ অপৰাধী। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁও আৰক্ষী থানাৰ আৰক্ষীৰ এক অভিযানত শেহতীয়াকৈ পঞ্চায়ত প্রতিনিধিসহ তিনি চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হয়।
পঞ্চায়ত প্রতিনিধিজনৰ নাম ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ভূৰাগাঁও আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক পংকজ বৰাই এক গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত জৰিবৰৰ বেছামাৰী ডুবাৰ পৰা পঞ্চায়ত প্ৰতিনিধি ৰফিকুল ইছলামসহ মেহদি আলম ওৰফে আজা আৰু ছেকাব উদ্দিন নামৰ তিনি চাইবাৰ অপৰাধীক আটক কৰে।












