![]()
বৰপেটাৰোডৰ শিমলাগুৰিত মহিলাৰ পৰা টকাৰ বেগ কাঢ়িবলৈ লওঁতেই দুৰ্ঘটনাত প্ৰাণ গ’ল বিহাৰৰ কিষাণগঞ্জৰ নিবাসী আমিৰ গোৱালাৰ। আনহাতে, আহতপ্ৰাপ্ত হৈছে ৰোহিত সিং।
জানিব পৰা মতে, বুধবাৰে শিমলাগুৰি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ধূপগুৰী কলবাৰী গাঁৱৰ দুগৰাকী মহিলাই বৰপেটা ৰোডৰ বেংক অৱ ইণ্ডিয়াৰ পৰা আত্মসহায়ক গোটৰ ৫০ হাজাৰ টকা উলিয়াই ই-ৰিক্সাৰে ধূপগুৰী কলবাৰীৰ নিজ গৃহলৈ গৈ আছিল।
সেই সময়তে, এএছ ০১ইজে ৯৮৮১ নম্বৰৰ বাইকেৰে অহা দুটা চিলনী চোৰে মহিলা দুগৰাকীৰ ই-ৰিক্সাখন ৰখাবলৈ দি টকাৰ বেগ কাঢ়ি পলায়ন কৰে। কিন্তু চিলনী চোৰ দুটাই কিছুদূৰ যোৱাৰ পিছতে শিমলাগুৰীৰ পথৰ কাষত থকা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত এটা চিলনী চোৰৰ ঘটনাস্থলীতে মৃত্যু ঘটে আৰু আনজন গুৰুতৰভাৱে আহত হয়।
আহতপ্ৰাপ্ত চিলনী চোৰটোক পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি বৰপেটা ৰোডৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও পিছত উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।













