![]()
দুলীয়াজানৰ নাওশলীয়াৰ শ্ৰদ্ধা বৰুৱা নামে যুৱতী গৰাকীৰ মৃত্যু হৈছে বহিঃৰাজ্যত।যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিল্লীৰ ৰোহিনী চেক্টৰ ১৭ত থকা এই যুৱতীগৰাকী জুটুলীবাৰী গাঁৱৰ উত্তম বৰুৱাৰ কন্যা।
মাচুৰীৰ ধমৰশালাত নৈত গা ধুবলৈ গৈ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে যদিও শ্রদ্ধাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। পিতৃয়ে আৰ্থিক দীনতাৰ বাবে ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাই মৃতদেহ।












