
উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰে মৰিগাঁৱৰ জিলা আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ধৰা পৰে বিষয়া গৰাকী। মৰিগাঁৱৰ পালিগুৰিৰ এখন বাৰৰ পৰা ২০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে বিষয়া গৰাকীক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে।
এই সন্দৰ্ভত টুইট কৰি সতৰ্কতা আৰু দুৰ্নীতি নিবাৰকৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে কয় যে, ‘চৰকাৰী বিষয়াসকলৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত আছে। সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ লগতে মৰিগাঁও আৰক্ষী উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত মৰিগাঁৱৰ জিলা আবকাৰী অধীক্ষক শ্ৰীমতী বৰষা বৰা বৰদলৈক গ্ৰেপ্তাৰ কৰে। বৈধ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’













