![]()
অসমৰ ১০ টা স্থানৰ অক্ষয় পাত্ৰ কিটচেন স্থাপনৰ সিদ্ধান্ত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক পুষ্টিকৰ মধ্যাহ্ন ভোজন দিয়াৰ হেতু যোৰহাটত সেৱা কেন্দ্ৰ উদ্বোধন কৰাৰ সময়তে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
শিশুক পুষ্টিকৰ আহাৰ প্ৰদান কৰি অহা দেশৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন অক্ষয় পাত্ৰৰ এই প্ৰতিটো পাকঘৰৰ জৰিয়তে সৰ্বাধিক ৩০ হাজাৰ ছাত্ৰ-ছাত্ৰীক দৈনিক পুষ্টিকৰ আহাৰ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।
যোৰহাটত ইতিমধ্যে অক্ষয় পাত্ৰ কিটচেন নিৰ্মাণ হৈ থকাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মাজুলী, নলবাৰী, তেজপুৰকে ধৰি ১০ খন জিলাত অতি সোনকালে অক্ষয় পাত্ৰ কিটচেন নিৰ্মাণ কৰা হ’ব বুলি মন্তব্য কৰে।
মাজুলীত এই কিটচেন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ১৪ কোটি টকা মুকলি কৰা হ’ব বুলিও জনায় ড° হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, যোৰহাটত নিৰ্মাণ কৰা অক্ষয় পাত্ৰ কিটচেনটোৰ জৰিয়তে বৰ্তমান ১২ হাজাৰ ছাত্ৰ-ছাত্ৰীক দৈনিক পুষ্টিকৰ আহাৰ প্ৰদান কৰি থকা হৈছে।
ইফালে মধ্যাহ্ন ভোজনৰ বাবে নিযুক্ত হৈ থকা ৰান্ধনী সকলক পৰৱৰ্তী সময়ত অক্ষয় পাত্ৰ কিটচেনৰ কামত জড়িত কৰোৱা হ’ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
প্ৰণিধানযোগ্য যে, গুৱাহাটীত ইতিমধ্যে এটা অক্ষয় পাত্ৰ কিটচেন নিৰ্মাণ কৰা হৈছে। যাৰ জৰিয়তে দৈনিক ৩০ হাজাৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন প্ৰদান কৰি অহা হৈছে। শিশুৰ বিকাশৰ বাবে অহৰহ কাম কৰি অহা দেশৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ অধীনত দেশৰ ১৬ খন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমানলৈকে নিৰ্মাণ কৰা হৈছে ৬৩ টা পাকঘৰ।













