
জাগীৰোডৰ নেলীৰ বাগান গেটত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল XUV এখন বাহন। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই XUV বাহনখন বাগৰি পৰা ফলত শিশুসহ ৮ জনকৈ লোক আহত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত আহতপ্ৰাপ্ত প্ৰতিগৰাকী ব্যক্তিকে জিএমচিএইচলৈ প্ৰেৰণ কৰে।
এএছ ০৩ভি ৫৪৩৩ নম্বৰৰ XUV বাহনখন চিলঙৰ পৰা যোৰহাটলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো।আহত সকল চিত্তৰঞ্জন বৰা, পূৰবী বৰা, ৰাখী বৰা, ৰিয়ান বৰা, অমৃতজ্যোতি বৰা, বিচিত্ৰ চাংমাই আৰু নম্ৰতা বৰা বুলি জানিব পৰা গৈছে।












