
এক ভয়ংকৰ দুৰ্ঘটনা।ৰে’ল ইঞ্জিনৰ প্ৰচণ্ড খুন্দাত মুহূৰ্ততে নিশেষ হ’ল এটা পৰিয়ালে।নগাঁও জিলাৰ পুৰণিগুদামত আজি সন্ধিয়া ৰে’লৰ ইঞ্জিনে এখন চুইফ্ট বাহন খুন্দিওৱাৰ ফলত থিতাতে একে পৰিয়ালৰ তিনি জন লোক নিহত হয়।
নিহত লোক কেইজন হৈছে চামগুৰি থানাৰ অন্তৰ্গত তেলিয়াগাঁৱৰ চন্দ্ৰ কুমাৰ ওৰফে জুণ্টি কলিতা(৫৭),নীলিমা কলিতা(৫০) আৰু নীলাভ নয়ন ওৰফে চানি কলিতা(১৬)। প্ৰাপ্ত খবৰ মতে, তেলিয়াগাঁৱৰ চন্দ্ৰ কুমাৰ কলিতাই তেওঁৰ শিক্ষয়িত্ৰী পত্নী নীলিমা আৰু একমাত্ৰ পুত্ৰ নীলাভক লৈ তেওঁলোকৰ এ এচ ০২ এন ৪৪০২ নম্বৰৰ চুইফ্ট বাহনখনেৰে পুৰণিগুদাম ৰেল ষ্টেচনৰ সমীপৰ বিষয়াচুকত ৰে’ল পথ অতিক্ৰম কৰোতেই দুৰ্ঘটনাটো সংঘটিত হয়।
চুইফ্ট বাহন খন ৰেল পথটো অতিক্ৰম কৰাৰ সময়তে ইঞ্জিন বন্ধ হৈ পৰে বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। সেই সময়তে নগাঁৱৰ পৰা শিলঘাট অভিমুখী এটা ৰে’লৰ ইঞ্জিনে বাহন খন মহতিয়াই নিয়ে। ফলত ঘটনাস্থলীতে একেটা পৰিয়ালৰ তিনি জনকৈ লোকে শোকাবহ ভাবে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়।
নিহত নীলাভ নয়ন কলিতাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইয়াৰ বিপৰীতে নীলিমা কলিতাই ব্ৰহ্মচাৰী মাধৱ দেৱ হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী আছিল।












