
আলফা (স্বাঃ)ৰ লক্ষ্য উজনি অসমৰ দায়িত্বত থকা অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া! এই আশংকা এতিয়া অসম আৰক্ষীত। আনহাতে, এই আশংকাৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসম আৰক্ষীৰ ভিতৰছোৱাত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে। এক কথাত ক’বলৈ হ’লে নিদ্ৰা হৰণ হৈছে অসম আৰক্ষীৰ।
কিন্তু কিয় এই আশংকা? এইখিনিতে উল্লেখ্য কৰিব লাগিব যে কিছু দিন পূৰ্বে কাকপথাৰত আলফা সদস্য জ্ঞান অসমক অসম আৰক্ষীয়ে খেতি পথাৰত গুলীয়াই হত্যা কৰিছিল। জানিব পৰা মতে, তাৰ কিছু দিন পিছতে ভাৰত-ম্যানমাৰ সীমান্তত আলফাৰ শীৰ্ষ নেতা আৰু এন এছ চি এন (খাপলাং)ৰ সদস্যৰে এক উচ্চ পৰ্যায়ৰ আলোচনা হয়।
তাৰ পিছত উক্ত আলোচনাৰ কিয়দংশ ধৰা পৰে আৰক্ষীৰ ইন্টাৰচেপটত। তাতেই কাকপথাৰত সংঘটিত আলফা সদস্যৰ হত্যাৰ প্ৰতিশোধ ল’বৰ বাবে দিয়া সাংকেতিক বাৰ্তা অসম আৰক্ষীয়ে লাভ কৰা বুলি এক সূত্ৰৰ দাবী। উক্ত সূত্ৰৰ দাবী, এই প্ৰতিশোধৰ বাবেই বৰ্তমান উজনিৰ শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আলফাই নিজৰ গতি-বিধি সক্ৰিয় কৰি তুলিছে।
তাৰ ফলতেই অসম আৰক্ষীয়ে আশংকা কৰিছে যে অহা স্বাধীনতা দিৱসৰ পূৰ্বে বা স্বাধীনতা দিৱসত উজনি অসমত নিষিদ্ধঘোষিত সংগঠনটোৱে ব্যাপক কূটাঘাতৰ পৰিকল্পনা কৰিছে।
উল্লেখযোগ্য যে শেহতীয়াভাৱে আলফা (স্বাধীন) আৰু সেনা-আৰক্ষীৰ মাজত সংঘৰ্ষৰ পিছৰে পৰা উজনি অসমৰ বিশেষকৈ তিনিচুকীয়াৰ পৰিস্থিতি কিছু জটিল আৰু স্পৰ্শকাতৰ হৈ পৰিছে।
যাৰ ফলত স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি এক প্ৰকাৰ আতংকিত হৈ পৰিছে অসম আৰক্ষী। জানিব পৰা মতে, উক্ত বিষয় সন্দৰ্ভতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ডিব্ৰুগড়ত দেওবাৰে আৰক্ষী বিষয়াসকলৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়।
জানিব পৰা মতে, ডিব্ৰুগড়ৰ মনোহাৰী ৰীজৰ্টত ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া আৰু ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী আধীক্ষকৰ লগতে তাৰ অন্তৰ্ভুক্ত থানাসমূহৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে আইন- শৃংখলা সন্দৰ্ভত দীৰ্ঘ সময়জুৰি আলোচনা হয়।
উক্ত বৈঠকতে উজনি অসমৰ স্পৰ্শকাতৰ জিলাকেইখনৰ আৰক্ষী অধীক্ষক আৰু থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ নিৰ্দেশ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।আনহাতে, এই ক্ষেত্ৰত জনসাধাৰণৰ পৰাও তেওঁ সহযোগিতা আশা কৰে।













