![]()
শুৱালকুছিৰ কৈৱৰ্ত্ত পাৰাত তিনি যুৱকে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে কৰা অশ্লীল কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ১২ জুলাইত প্ৰায় ৩.৩০ বজাত নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকী টিউচলৈ বুলি ওলাই অহাত শ্ৰীহাটী হাইস্কুলৰ সমীপতে এগৰাকী যুৱকে যুৱতী গৰাকীক ফুচলাই বামুন্দিৰ ধাৰেশ্বৰী মন্দিৰলৈ লৈ যায়।
উক্ত মন্দিৰত পূৰ্বৰে পৰা উপস্থিত শিলগুৰিৰ আন দুই বন্ধুই মিলি যুৱতী গৰাকীক পাহাৰলৈ লৈ যোৱাৰ লগতে তাতেই তাইক বিবস্ত্ৰ কৰি অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰে। কিশোৰীগৰাকীয়ে যথেষ্ট বাধা দিয়াৰ স্বত্বেও তিনি পাষণ্ড যুৱকে সামাজিক মাধ্যমত ভিডিঅ’টো ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ত যুৱতী গৰাকীক ধৰ্ষণ কৰি নিশা ৯ বজাত ঘৰৰ সমীপত নমাই থৈ যায়।
যুৱতীগৰাকীয়ে ঘৰৰ ওচৰৰে মহিলা এগৰাকীক সকলো কথা বিৱৰি কোৱাত মহিলাগৰাকীয়ে ফোন কৰি তেওঁৰ মাতৃক সকলোবোৰ কথা জনায়। কিন্তু সেই সময়তে যুৱতীগৰাকীয়ে বিহ পান কৰে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ১৩ জুলাই তাৰিখে যুৱতীগৰাকীৰ মৃত্যু হয়।
পৰিয়ালৰ লোকে এই সমষ্ট ঘটনা সন্দৰ্ভত কৰি ১ আগষ্ট তাৰিখে শুৱালকুছি থানাত তিনি অভিযুক্তৰ বিৰুদ্ধে এখন এজেহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত শুৱালকুছিৰ আৰক্ষীয়ে ১০৩/২২ নম্বৰ এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩৬৫/৩৫৪/৫০৬/৩৮৫/৩০৬/৩৪ আৰু পস্কো আইনৰ ৬ ধাৰাৰ অধীনত তিনি অভিযুক্তক নিশাই গ্ৰেপ্তাৰ কৰে ৷ আজি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত তিনিও জনকে ন্যায়ালয়ৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰা হয়।












