![]()
শিৱসাগৰৰ আৰক্ষীয়ে বুধবাৰে বুজন পৰিমাণৰ ড্ৰাগছৰ লগতে দুই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰে। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এখন AS04Q9443 নম্বৰৰ ডাষ্টাৰ গাড়ীত উদ্ধাৰ হয় এই বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰ৷
ইয়াৰোপৰি দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে চহৰৰ গণকপট্টিৰ বিটু ঠাকুৰ আৰু হাবিৰাম বৰা পথৰ অনুৰাগ বৰগোঁহাইয়ে নিষিদ্ধ ব্ৰাউন ছুগাৰ সৰৱৰাহ কৰাৰ সময়ত আৰক্ষীয়ে কৰায়ত্ত কৰে।উল্লেখ্য যে, বিতু ঠাকুৰ নামৰ যুৱকজন আগতেও ড্ৰাগছ সেৱন আৰু সৰৱৰাহৰ বাবে গ্ৰেপ্তাৰ হৈছিল।













