![]()
কমনৱেলথ গেমছ ২০২২ত ইতিহাস সৃষ্টি কৰিলে ভাৰতীয় লন বল দলটোৱে। ইতিহাসৰ পৃষ্ঠাত নাম খোদিত কৰি লন বলত স্বৰ্ণ জয় কৰে ভাৰতীয় দলটোৱে। ইতিহাস সৃষ্টিকাৰী উক্ত দলটোৰ অন্যতম সদস্য আছিল অসমৰ নয়নমণি শইকীয়া।
নয়ণমনি শইকীয়াৰ এই স্বৰ্ণজয়ত গৌৰান্বিত হৈছে অসমবাসী। তাৰেই সন্মান স্বৰূপে অসম চৰকাৰে নয়নমণি শইকীয়াক পদোন্নতি দিছে তেওঁৰ কৰ্মক্ষেত্ৰত। স্বৰ্ণকন্যাগৰাকীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন বিভাগৰ সহকাৰী কমাণ্ডেন্ট হিচাপে পদোন্নতি প্ৰদান কৰিছে অসম চৰকাৰে।
উল্লেখ্য, ইয়াৰ পূৰ্বে বন সংৰক্ষণ বাহিনীৰ কনিষ্টবলৰূপে নিযুক্ত আছিল ক্ৰীড়াবিদগৰাকী।এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা নয়নমণিয়ে সৰুৰে পৰাই দেখুৱাইছিল ক্ৰীড়াৰ প্ৰতি ৰাপ।
২০০৮ চনত এগৰাকী ভাৰোত্তোলক হিচাপে তেওঁ নিজৰ ক্ৰীড়া জীৱন আৰম্ভ কৰিছিল যদিও ভৰিৰ আঘাতৰ বাবে তেওঁ ভাৰোত্তোলন এৰি লন বলত মনোনিবেশ কৰে। লন বলৰ জৰিয়তেই তেওঁ ৰাষ্ট্ৰীয় দলটোৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে।উল্লেখ্য, ২০১১ চনত বন সংৰক্ষণ বাহিনীৰ কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিছিল নয়নমণি শইকীয়াই।













