
ডিব্ৰুগড় জিলাৰ ডনবক্স উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত এক লজ্জাজনক ঘটনাই শিক্ষা মহলত খলকনিৰ সৃষ্টি কৰিছে। বিদ্যালয়খনৰ কৰ্তৃপক্ষ, শিক্ষাগুৰু আৰু অন্যান্য কৰ্মচাৰীৰ সমুখতেই সংঘটিত হৈছে এই ঘটনা।
উল্লেখ্য যে, বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক বৰ্ষৰ ছাত্ৰৰ দুটা দলৰ মাজত হোৱা প্ৰচণ্ড মাৰ-পিটত প্ৰায় ২২ গৰাকীকৈ ছাত্ৰ গুৰুতৰভাবে আহত হৈ চিকিৎসাধীন হ’বলগা হয় ।উক্ত মাৰপিটত হস্তক্ষেপ কৰিবলৈ যোৱাত তিনিগৰাকীকৈ বিদ্যালয়ৰ শিক্ষকো গুৰুত্বৰভাবে আহত হোৱা হৈছে বুলিও জানিব পৰা গৈছে।
উল্লেখ্য যে, উক্ত ঘটনাটোে সৈতে জড়িত প্ৰায় ২৯ গৰাকী ছাত্ৰক এমাহৰ বাবে বৰ্খাস্ত কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।ঘটনাটো কালি সংঘটিত হোৱাৰ পাছত বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল যদিও আজি পোহৰলৈ আহে সমগ্ৰ ঘটনা।
বিদ্যালয়ত পৰিস্থিতি অধিক জটিল আৰু স্পৰ্শকাতৰ হৈ পৰাত ডনবক্স বিদ্যালয়ৰ কতৃপক্ষই কালি নিশাৰ ভাগত অৰুণাচলৰ ছাত্ৰ-ছাত্ৰী থকা এটা ব্যক্তিগত হোষ্টেলত আৰক্ষী আৰু অৰ্দ্ধসামৰিক বাহিনী মোতায়েন কৰিব লগাত পৰে।জানিব পৰা মতে একাংশ লোকে উক্ত হোষ্টেলত আক্ৰমণৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উঠিছে।
অভিভাৱকসকলৰ অভিযোগ অনুসৰি কালি বিদ্যালয়ত পাঠদানৰ বিৰতিৰ সময়তে উচ্চতৰ মাধ্যমিক শাখাৰ এদল ছাত্ৰ-ছাত্ৰী আহি হঠাতে কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ বিদ্যালয়ৰ বাৰাণ্ডাত থকা ছাত্ৰ সকলক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে শ্ৰেণী কোঠাত বহি থকা একাংশ ছাত্ৰ-ছাত্ৰীক এই আক্ৰমণৰ লক্ষ্য কৰি লয়।
ইফালে বিদ্যালয় কতৃপক্ষৰ ৰোষৰ বলি হোৱাৰ ভয়ত বা নিজ সন্তানৰ ভবিষ্যতৰ কথা ভাবিয়েই সকলো অভিভাৱকে নিজ নিজ আঘাটপ্ৰাপ্ত সন্তানক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায়।
অৱশ্যে ঘটনা সংক্ৰান্তত আৰক্ষী থানাত অভিভাৱকে এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে উচিত তদন্ত নকৰাৰ অভিযোগ উত্থাপিত হৈছে।বিদ্যালয়খনত লাগি থকা চিচি টিভিৰ ফুটেজত হয়তো ঘটনাটোৰ বহুখিনি তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।













