![]()
তিনিচুকীয়া চহৰ কলেজত থকা বৌদ্ধ বিহাৰত প্ৰায় দুবছৰ ধৰি ভুৱা পৰিচয়েৰে থকা ৪২ বছৰীয়া ৰতনশ্ৰী ভিক্ষুক আজি গ্ৰেপ্তাৰ কৰা হয়। ৰতনশ্ৰী ওৰফে ৰাহুল বৰুৱা বুলি কৈ অহা ব্যক্তিজন ত্ৰিপুৰাৰ ধলাই জিলাৰ চাইলেংটা আৰক্ষী থানাৰ অধীনৰ মাইনামা অঞ্চলৰ নিবাসী বুলি নথি-পত্ৰত উল্লেখ আছিল যদিও তেওঁৰ বিৰুদ্ধে কিছু বছৰৰ পৰা গুৰুত্বৰ অভিযোগ আছে বুলি জানিব পৰা গৈছে।
আনহাতে, সামাজিক মাধ্যমত তেওঁৰ বিৰুদ্ধে বিভিন্ন বিতৰ্ক হোৱাৰ ফলত বিগত বৰ্ষত তিনিচুকীয়া আৰক্ষীৰ ওচৰত আঞ্চলিক ভিক্ষু সমিতিৰ সিদ্ধান্তমৰ্মে সুনেধানন্দ ভিক্ষুয়ে অভিযোগ প্ৰদান কৰিছিল।
উক্ত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰাত ৰতনশ্ৰী ভিক্ষু ওৰফে ৰাহুল বৰুৱাৰ নথিপত্ৰসমূহ ভুৱা বুলি প্ৰমাণিত হয় ৷ ইয়াৰ পাছতে আজি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইন, বিদেশী আইন আৰু পাৰপত্ৰ আইনৰ একাধিক ধাৰাৰ অধীনত তিনিচুকীয়া থানাত ৰুজু হোৱা ৭৩৮/২০২২ নং গোচৰত ভিক্ষুজনক গ্ৰেপ্তাৰ কৰে ৷
ধৃত ব্যক্তিজন বাংলাদেশৰ নাগৰিক বুলি সন্দেহ কৰা হৈছে যদিও আৰক্ষীয়ে তদন্তৰ পাছতহে এই সন্দৰ্ভত নিশ্চিতকৈ ক’ব পৰা যাব বুলি প্ৰকাশ কৰিছে ৷ বিগত ২০১৯ চনতো জিলাখনত অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷ ইফালে কেৱল বৌদ্ধ ধৰ্মালম্বীসকলৰ বাবেই নহয় সকলো ধৰ্মৰ লোকেই পবিত্ৰ বুলি গণ্য কৰা বৌদ্ধ বিহাৰৰ দৰে স্থানক সন্দেহজনক নাগৰিকে নিৰাপদ আশ্ৰয় ৰূপে বাচি লোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।












